--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আৰম্ভণিতে হোৱাটছএপত মেটা এআই প্ৰৱৰ্তন কৰাৰ পিছত ইয়াক অধিক ব্যৱহাৰকাৰী অনুকূল কৰি তোলাৰ দিশত কেইবাটাও প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে হোৱাটছএপে ব্যক্তিগত সহায়ক হিচাপে মেটা এআই বিকশিত কৰি এতিয়া হিন্দীতো উপলব্ধ কৰি ব্যৱহাৰকাৰীৰ অভিজ্ঞতা ক্ৰমান্বয়ে ভালৰ দিশলৈ আগবঢ়াই নিছে ।


Chatbot for WhatsApp | Chatarmin

এক প্ৰতিবেদন অনুসৰি হোৱাটছএপে এটা নতুন বৈশিষ্ট্যৰ কাম চলাই আছে যাৰ নাম হৈছে “Chat Memory”। এই বৈশিষ্ট্যই মেটা এআইক দিয়া গুৰুত্বপূৰ্ণ তথ্য ৰেকৰ্ডিং কৰাত সহায় কৰিব, যাৰ ফলত এই ব্যক্তিগত সহায়কটো আৰু অধিক ব্যৱহাৰকাৰী অনুকূল হ’ব। উদাহৰণস্বৰূপে, যদি এআইয়ে জানে যে আপুনি নিৰামিষভোজী, তেন্তে সেই অনুসৰি আপোনাৰ সৈতে ৰেচিপি শ্বেয়াৰ কৰিব। অৱশ্যে এই বৈশিষ্ট্যৰ সৈতে গোপনীয়তা সম্পৰ্কীয় সমস্যাও আহিব বুলি কোৱা হৈছে। বৰ্তমান এই বৈশিষ্ট্য বিকাশৰ পৰ্যায়ত আছে আৰু ইয়াৰ বিষয়ে সীমিত তথ্যহে উপলব্ধ।


এই বৈশিষ্ট্যই কেনেকৈ কাম কৰিব?

হোৱাটছএপৰ এই নতুন বৈশিষ্ট্য মেটা এআইৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পূৰ্বে শ্বেয়াৰ কৰা তথ্য মনত ৰাখিব পাৰিব। ইয়াৰ লক্ষ্য হৈছে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ পছন্দ অনুসৰি অধিক প্ৰাসংগিক আৰু ব্যক্তিগতকৃত সঁহাৰি দিয়া।হোৱাটছএপৰ নতুন ফিচাৰত ব্যৱহাৰকাৰীয়ে কি তথ্য মনত ৰাখিব বিচাৰে সেইটো নিৰ্বাচন কৰাৰ অধিকাৰ দিয়া হ’ব। অৱশ্যে এই সকলোবোৰ স্পষ্ট হ’ব যেতিয়া এই বৈশিষ্ট্য আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?