--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাচিন ৰবীন্দ্ৰৰ শতকেৰে নিউজীলেণ্ডক চেম্পিয়নছ ট্ৰফী ২০২৫ত একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে । সোমবাৰে ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰে নিউজিলেণ্ডে । নিউজিলেণ্ডে ৪৬.১ অভাৰত ৫ উইকেট বাংলাদেশে নিৰ্ধাৰণ কৰি দিয়া ২৩৭ ৰাণৰ লক্ষ্যত উপনীত হয় আৰু ছেমি ফাইনেলত স্থান নিশ্চিত কৰে ৷


ভাৰতৰ উপৰি পাকিস্তান, নিউজিলেণ্ড আৰু বাংলাদেশক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানক অষ্ট্ৰেলিয়াৰ সৈতে গ্ৰুপ বিত স্থান দিয়া হৈছে। অৱশ্যে পইণ্ট টেবুললৈ লক্ষ্য কৰিলে পইণ্ট টেবুলৰ শীৰ্ষত আছে দক্ষিণ আফ্ৰিকা। আনহাতে অষ্ট্ৰেলিয়াই দ্বিতীয় স্থান দখল কৰিছে।

পাকিস্তান আৰু বাংলাদেশে দুখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হৈছে । নিউজিলেণ্ডৰ বিৰুদ্ধে পাকিস্তান ৬০ ৰাণত পৰাস্ত হোৱাৰ বিপৰীতে ভাৰতে ৬ উইকেটত পৰাস্ত কৰে । আনহাতে বাংলাদেশে অভিযানৰ প্রথমখন খেলত ভাৰতৰ হাতত ৬ উইকেটত আৰু দ্বিতীয়খন খেলত নিউজীলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷

যদিও দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ ২-২ পইণ্টৰ সমান, কিন্তু টেম্বা বাভুমাৰ অধিনায়কত্বত থকা দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট অষ্ট্ৰেলিয়াতকৈ ভাল। দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট ২.১৪০। আনহাতে অষ্ট্ৰেলিয়াৰ নেট ৰান ৰেট ০.৪৭৫। দক্ষিণ আফ্ৰিকাই আফগানিস্তানক পৰাস্ত কৰি এই প্ৰতিযোগিতাৰ আৰম্ভণি কৰে। একে সময়তে ইংলেণ্ড আৰু আফগানিস্তানে প্ৰথম জয়ৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে এই গ্ৰুপৰ পৰাই ছেমি ফাইনেলত প্ৰৱেশৰ বাবে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ দলসমূহ শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি ধাৰণা কৰা হৈছে।

এই জয়ৰ জৰিয়তে আয়োজক পাকিস্তান আৰু বাংলাদেশ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে নিউজীলেণ্ড আৰু ভাৰতে ছেমি ফাইনেলত স্থান দখল কৰিছে । ২ মাৰ্চ দেওবাৰে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন এতিয়া আনুষ্ঠানিকতাত পৰিণত হৈছে আৰু কোনটো দলে গ্ৰুপত শীৰ্ষস্থান দখল কৰিব সেইটো নিৰ্ণয় কৰিব ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?