ডিজিটেল ডেস্কঃ পত্নী গৈছিল মাতৃগৃহলৈ। পত্নী মাতৃগৃহত থকাৰ সুযোগত স্বামীয়ে নিজৰ ঘৰলৈ লৈ আনে প্ৰেমিকাক। ইয়াৰ পাছতে ঘটিল অঘটন। পত্নীৰ কাণত পৰিল যে স্বামীৰ সৈতে কোনো যুৱতী ঘৰখনত সোমাই আছে। লগেলগে পত্নীয়ে দুই ভায়েকৰ সৈতে ঘৰত উপস্থিত হয়। প্ৰেমিকাৰ সৈতে হাতে-লোটে স্বামীক ধৰে পত্নী আৰু দুই ভায়েকে। ইয়াৰ পাছত দুই পক্ষৰ মাজত প্ৰচণ্ড কাজিয়া হয়।
উত্তৰ প্ৰদেশৰ বাহৰেইচ জিলাত ঘটিছে এই ঘটনা। পতি ৰবি মৌৰ্য এগৰাকী ইঞ্জিনীয়াৰ আৰু পত্নী বিজয়লক্ষ্মী এগৰাকী শিক্ষয়িত্ৰী। পত্নীয়ে নিজৰ এক চিকিৎসাৰ বাবে মাতৃগৃহত আছিল। শিক্ষয়িত্ৰী পত্নীৰ অনুপস্থিতিত ইঞ্জিনীয়াৰ স্বামীয়ে তেওঁৰ চৰকাৰী বাসগৃহত কেইবাদিনো ধৰি তেওঁৰ প্ৰেমিকাৰ সৈতে প্ৰেমত মত্ত হৈ আছিল। এই কথা কাণত পৰা লগে লগে পত্নী বিজয়লক্ষ্মীয়ে অলপো পলম নকৰি দুই ভায়েকৰ সৈতে ঘৰলৈ ঢপলিয়াই আহে। স্বামীক প্ৰেয়সীৰ সৈতে একেটা কোঠাতে হাতে-লোটে ধৰিলে পত্নীয়ে। ইয়াৰ পিছত হুলস্থুলৰ সৃষ্টি হয় আৰু পত্নী আৰু প্ৰেমিকাৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়।
বায়েকক প্ৰতাৰণা কৰা দেখি দুই খুলশালীয়ে প্ৰচণ্ড মাৰপিট কৰে ভিনিহিয়েকক। বিজয়লক্ষ্মীয়ে স্বামীৰ প্ৰেমিকা ৰোশনী বাৰ্মাক তীব্ৰ ভাষাত গালি পাৰে। ইয়াৰ পাছতে তেওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সকলোকে থানালৈ লৈ আহে। ইঞ্জিনীয়াৰ স্বামীয়ে পুনৰ এনে কার্য নকৰো বুলি প্রতিশ্রুতি দিয়াৰ পাছত পত্নীৰ হৃদয় কোমলি যায় আৰু স্বামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’বলৈ আৰক্ষীক অনুৰোধ জনায়। ইয়াৰ পাছত আৰক্ষীৰ সহযোগত বিষয়টো শান্ত হয়।