--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ প্ৰাক্তন অষ্ট্ৰেলিয়ান তাৰকা মাইকেল স্লেটাৰক তেওঁৰ পত্নীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পাছতো কাৰাগাৰলৈ যাব লগা হোৱা নাছিল তাৰকা ক্ৰিকেটাৰজনে। মানসিক ৰোগৰ অজুহাতত কাৰাবাসৰ পৰা ৰেহাই পাইছিল মাইকেল স্লেটাৰে।

স্মৰ্তব্য যে, ৫২ বছৰীয়া প্ৰাক্তন অষ্ট্ৰেলিয়ান বেটাৰ স্লেটাৰৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল। আৰক্ষীয়ে স্লেটাৰক অত্যাচাৰ কৰাৰ অভিযোগত বিগত অক্টোবৰ মাহত গ্ৰেপ্তাৰো কৰিছিল। তাৰ পিছত, ডিচেম্বৰ মাহতে তেওঁ প্ৰাক্তন পত্নীক বিভিন্ন মেছেজেৰে বিচলিত কৰি আইন অপমান কৰিছিল। ফলত আৰু বিপদত পৰে অষ্ট্ৰেলিয়াৰ এইগৰাকী নামী ক্ৰিকেটাৰ। কিন্তু আশ্চৰ্যজনকভাৱে সলনি হয় ঘটনাৰ প্ৰেক্ষাপট। অৱশেষত, বুধবাৰে ছিডনীৰ আদালতত  গোচৰটো উপস্থাপন কৰা হৈছিল তেতিয়া ন্যায়াধীশে অসুস্থতাৰ কথা উল্লেখ কৰি স্লেটাৰৰ বিৰুদ্ধে থকা সকলো অভিযোগ খাৰিজ কৰে। এনে অৱস্থাত ক্ৰিকেটাৰগৰাকীক তিনি সপ্তাহৰ বাবে মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা  বুলিও খবৰ পোৱা গৈছে। 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ফেব্ৰুৱাৰী মাহৰ পৰা মানসিকভাৱে অসুস্থ হৈ আছিল স্লেটাৰ। নিয়মিত ঔষধ গ্ৰহণৰ লগতে থেৰাপী আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰি চলিছে। মানসিক ৰোগৰ বাবে আদালততো উপস্থিত হ’ব পৰা নাছিল তেওঁ। বৰ্তমান ছিডনীৰ এখন চিকিৎসালয়ত আছে মাইকেল স্লেটাৰ। বিগত ১০০ দিনত কমেও ৫জন মনোবিজ্ঞানীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে তেওঁ।

উল্লেখ্য যে, স্লেটাৰে ১৯৯৩ চনৰ পৰা ২০০১ চনলৈ দেশৰ জাৰ্ছীত মুঠ ৭৪ খন টেষ্ট খেলিছে। ৪২ খন আন্তঃৰাষ্ট্ৰীয় মেচো খেলিছে স্লেটাৰে। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এজন ভাষ্যকাৰৰ ভূমিকাতো দেখা গৈছিল তেওঁক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?