--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত স্বামী-স্ত্ৰীৰ মাজত বিবাদ ইমানেই বাঢ়িছে যে ই বিপজ্জনক ৰূপ ধাৰণ কৰিছে। কোনো কোনো ঠাইত হত্যাকাণ্ড আৰু বহু ঠাইত সম্পৰ্কত বিৰক্ত হৈ আত্মহত্যাৰ দৰে ঘটনা ঘটাও দেখা গৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা এনে এটা ঘটনা পোহৰলৈ আহিছে। 

ইয়াত স্বামীয়ে ভিডিঅ’ কলত পত্নীৰ সৈতে কথা পাতি থকা অৱস্থাতে আত্মহত্যা কৰে। তথ্য অনুসৰি বিবাহৰ পিছৰে পৰা দুয়োৰে মাজত বিবাদৰ সৃষ্টি হৈছিল। পত্নী মাতৃগৃহলৈ গুচি গৈছিল, স্বামীয়ে তেওঁক ঘৰলৈ উভতি যাবলৈ কৈ আছিল, কিন্তু পত্নী মান্তি হোৱা নাছিল। খং আৰু মানসিক চাপত থকা স্বামীয়ে পত্নীলৈ ভিডিঅ’ কল কৰি আত্মহত্যা কৰে। 

ঘটনা অনুসৰি দৰ্জী হিচাপে কাম কৰা দীনেশ ওৰফে অজয় ​​বজৰংগী (২৬)পৰিয়ালসহ নৌবস্তা হনুমন্ত বিহাৰত বাস কৰিছিল। ২০২৩ চনৰ ২২ জুনত ফতেহপুৰৰ ৰাধাৰ সৈতে বিবাহপাশত আবদ্ধ হয় দীনেশ। বিবাহৰ পিছত দুয়োৰে মাজত মতানৈক্য বাঢ়ি যায়। ৰাধাই বেলেগে থাকিবলৈ জোৰ দিবলৈ ধৰিলে, যাৰ বাবে দীনেশে বৰাদেৱীত ভাড়াতীয়া কোঠা এটা লয়। দুয়োজনেই তাত প্ৰায় আঠ মাহ একেলগে থাকিছিল যদিও শেহতীয়াকৈ কাজিয়া হোৱাৰ পিছত ৰাধা মাতৃগৃহলৈ গুচি গৈছিল।

মৃত যুৱকজনৰ মাতৃ সংগীতা দেৱীয়ে কয় যে তেওঁৰ পুত্ৰ মানসিকভাৱে ভাগি পৰিছিল। পত্নীয়ে তেওঁক মাৰপিট কৰিছিল আৰু উপযুক্ত যত্ন লোৱা নাছিল। পিতৃ ৰামবাবুৱে ক’লে যে ২ এপ্ৰিলত বোৱাৰীয়ে ফোন কৰি কৈছিল যে যদি আপুনি পুত্ৰক লগ কৰিব বিচাৰে তেন্তে এতিয়াই লগ কৰক, কাৰণ অতি সোনকালে তাই তাক জেললৈ পঠিয়াব।

পত্নীৰ আচৰণত অতীষ্ঠ হৈ ভিডিঅ’ কলৰ সময়ত দীনেশে ছুৰী হাতত লৈ ডিঙিত আঘাত কৰে। পৰিয়ালৰ লোকে দীনেশক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?