--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনী ধুমুহাই আকাশ কঁপাইছে মহাৰাষ্ট্ৰৰ৷ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে শিৱসেনাৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী একনাথ সিন্ধে। একনাথ সিন্ধে কোপৰি পাচপাখৰী আসনৰ পৰা মনোনয়ন দাখিল কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। 

মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে পৰিয়ালৰ সদস্যৰ লগতে উপ মুখ্যমন্ত্ৰী আৰু বিজেপি নেতা দেৱেন্দ্ৰ ফাডনৱিছো উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীক সমৰ্থন কৰিবলৈ শিৱসেনাৰ বহু নেতা-কৰ্মীও উপস্থিত থাকে। মনোনয়ন দাখিল কৰাৰ পাছতে শিৱসেনাৰ শক্তিৰ প্ৰদৰ্শন কৰি এক ডাঙৰ ৰেলী উলিয়াই। ৰেলীত শিৱসেনাৰ নেতা, বিধায়ক আৰু সাংসদ সকলেও অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী একনাথ সিন্ধে মনোনয়ন দাখিলৰ সময়ত প্ৰদান কৰা শপতনামা অনুসৰি ২০১৮-১৯ বৰ্ষৰ তুলনাত ২০২৩-২৪ বৰ্ষত প্ৰায় ৫০ শতাংশ আয় হ্ৰাস পাইছে বুলি প্ৰকাশ কৰিছে। ২০২৩-২৪বিত্তীয় বৰ্ষত একনাথ সিন্ধেৰ আয় আছিল ৩৪ লাখ ৮১ হাজাৰ ১৩৫ টকা, যিটো ২০১৮-১৯ চনত আছিল ৬১ লাখ ৮৪১ টকা। একে সমসয়তে বৃদ্ধি পাইছে তেওঁৰ পত্নীৰ আয় ৫৯ শতাংশ বৃদ্ধিৰে ৯,৯৪,০৯৬ টকাৰ পৰা ১৫,৮৩,৯৭২ টকালৈ বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰী সিন্ধেৰ শপতনামা অনুসৰি তেঁওৰ হাতত নগদ ২৬ হাজাৰ টকা থকাৰ লগতে ১.৪৪ কোটিৰ আধিকাৰী হোৱাৰ বিপৰীতে পত্নীৰ হাতত নগদ ২ লাখ টকা আৰু ৭.৭৭ কোটি টকাৰ অধিকাৰী। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ প্ৰায় ১৩.৩৮ কোটি আৰু পত্নীৰ ১৫.০৮ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে বুলি তথ্য প্ৰকাশ কৰিছে৷ একে সময়তে একনাথ সিন্ধে শপতনামাত তেওঁৰ ৫.২৯ কোটি টকাৰ ঋণ থকাৰ পৰিৱৰ্তে তেওঁৰ পত্নীৰ ৯.৯৯ কোটি ঋণ থকা বুলি প্ৰকাশ কৰিছে।

উল্লেখনীয় যে একনাথ সিন্ধে কোপৰি পাচপাখৰী পৰা ধাৰাবাহিকভাৱে জয়লাভ কৰি অহিছে৷ এই সমষ্টিৰ পৰা আকৌ এবাৰ নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ ওলাইছে একনাথ সিন্ধে৷ সিন্ধেৰ সৈতে নিৰ্বাচনী যুঁজ হ’ব উদ্ধৱ গোটৰ কেদাৰ দিঘেৰ লগত৷ উদ্ধৱ ঠাকৰেৰ সৈতে বিবাদৰ পাছত এই নিৰ্বাচন অগ্নিপৰীক্ষাতকৈ কম নহ’ব একনাথ সিন্ধেৰ বাবে। 

এই বিবাদৰ পাছত একনাথ সিন্ধে যেতিয়া প্ৰথমবাৰৰ বাবে বিধানসভালৈ গৈছিল তেতিয়া শিৱসেনাৰ বিধায়কসকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ৮০খন আসনৰ ৪০খন আসনতে জয়ীহৈ আহিব, নহ’লে তেওঁ কৃষি কৰ্ম কৰিব। এই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিবনে একনাথ সিন্ধে, সেয়া সময়ে ক’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?