ডিজিটেল ডেস্কঃ সকলোৱে ফিট হৈ থাকিবলৈ ভাল পায়। কিন্তু ফিট হৈ থাকিবৰ বাবে একাংশই বহুত কষ্ট কৰে আৰু একাংশই কেৱল মনতে ভাবে, কাৰ্যত একো নকৰে। যি মানুহে ৰাতিপুৱা সাৰ পাই ব্যায়াম কৰে, যোগাসন কৰে তেওঁলোকৰ শৰীৰ ফিট আৰু সুস্থ হৈ থাকে। কিছুমান মানুহে পুৱা শুই উঠি শৰীৰত বিষ অনুভৱ কৰে।
কিছুমানে নতুনকৈ ব্যায়াম আৰম্ভ কৰিলেও পেশীৰ যথেষ্ট বিষ হয়। এনে ক্ষেত্ৰত ষ্ট্ৰেচিং কৰাটো অতি উপকাৰী। ষ্ট্ৰেচিং কৰিলে পেশীবোৰে সকাহ পায়, লগতে শৰীৰত নমনীয়তাও বৃদ্ধি পায়। ষ্ট্ৰেচিং কৰিলে শৰীৰত হোৱা বিষ হ্ৰাস পায়। ষ্ট্ৰেচিং কৰিলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়। ইয়াৰ উপৰিও ই টেনচন আৰু মানসিক চাপ আঁতৰাই ৰখাৰ কাম কৰে, যাৰ ফলত ব্যক্তিজনৰ মনটোও শীতল হৈ থাকে। ষ্ট্ৰেচিঙৰ বিষয়ে জানো আহক। যিটো কৰিলে আপোনাৰ শৰীৰ ফিট হ’ব আৰু আপুনিও সকাহ পাব।
সম্পূৰ্ণ শৰীৰ ষ্ট্ৰেচিংঃ সম্পূৰ্ণ শৰীৰ ষ্ট্ৰেচিং কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰে এটা হ’ল অধোমুখ আসন। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই কামটো কৰাটো অতি প্ৰয়োজনীয়।
ভৰিৰ ষ্ট্ৰেচিংঃ ভৰিৰ ষ্ট্ৰেচিঙক অঞ্জন্যাসন নামেৰেও জনা যায়। ভৰিৰ ষ্ট্ৰেচিঙে নিতম্বৰ পেশীবোৰ মুকলি কৰাৰ লগতে পিণ্ডলি, হামষ্ট্ৰিং আৰু গ্লুটছৰ পেশীবোৰো টনাৰ কাম কৰে। এই ব্যায়ামত কষ্টও কম হয় আৰু গোটেই ভৰিখনে ৱৰ্কআউট পায়।
কোৰ ষ্ট্ৰেচিংঃ কোৰ ষ্ট্ৰেচিঙে হাতৰ লগতে হাতৰ হাড় শক্তিশালী কৰি তোলে। এই ষ্ট্ৰেচিঙে ব্যায়াম আৰু ৱৰ্কআউটৰ ফলত হোৱা পেশীৰ বিষ কম কৰে।