ডিজিটেল
ডেস্ক : পুৱা খালী পেটত আমলখিৰ ৰস স্বাস্থ্যৰ বাবে অতি উপকাৰী। এটা কথা সঁচা যে প্ৰতিদিনে
পুৱা খালী পেটত আমলখিৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। দৰাচলতে আমলখি ৰসৰ সেৱনে
তেজৰ অভাৱ দূৰ কৰে, আমলখিত থকা পুষ্টিকৰ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেয়েহে
আমলখি এনে এটা ছুপাৰফুড, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। পুৱা
খালী পেটত আমলখিৰ ৰস সেৱনে শৰীৰক বহু উপকাৰিতা প্ৰদান কৰাৰ লগতে ওজন হ্ৰাস কৰাটো সহায়ক
হয়।
১. আমলখিৰ আছে বহু গুণ-
আমলখিত
থকা ভিটামিন-‘চি’ৰ উত্তম উৎস হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰি ভিটামিন-‘এ’, বি কমপ্লেক্স,
পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, আইৰন, কাৰ্বহাইড্ৰেট, এন্টি অক্সিডেন্ট আৰু আঁহ
আদিৰ গুণ আমলাত পোৱা যায়। পুৱা খালী পেটত আমলখিৰ ৰস সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা
শক্তিশালী হয়, শৰীৰক বহু সংক্ৰমণৰ পৰা আঁতৰাই ৰাখে আৰু ওজন হ্ৰাস কৰে।
২. ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে-
পুৱা
খালী পেটত আমলখিৰ ৰস খালে বহুতো উপকাৰিতা পোৱা যায়। কৰ’না আৰু সংক্ৰমণৰ পৰা ৰক্ষা পোৱাত
ইমিউনিটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আচলতে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক
বহু ৰোগৰ চিকাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে। সেয়েহে আমলখি ৰস সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা
শক্তিশালী কৰিব পাৰে।
৩. ওজন নিয়ন্ত্ৰণ কৰে-
বহুতে
পুৱা খালী পেটত আমলখিৰ ৰস খালেও ওজন নিয়ন্ত্ৰণ কৰে। আপুনি বৃদ্ধি পোৱা ওজন কমাব বিচাৰে
তেন্তে পুৱা খালী পেটত আমলখিৰ ৰস সেৱন কৰিব লাগে।