--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে আৱামী লীগৰ এজন জ্যেষ্ঠ নেতাই দাবী কৰে যে শ্বেখ হাছিনা অতি সোনকালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব। হাছিনাৰ ঘনিষ্ঠ সহযোগী ৰাব্বি আলমেও ভাৰতক কৃতজ্ঞতা জ্ঞাপন কৰে যে তেওঁ বহিষ্কৃত প্ৰধানমন্ত্ৰীগৰাকীক নিৰাপদ স্থান প্ৰদান কৰিছে। এএনআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, "শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব। যুৱ প্ৰজন্মই ভুল কৰিছে, কিন্তু ইয়াত তেওঁলোকৰ দোষ নাই, তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছে৷"

যোৱা বছৰ হাছিনা শাসনক উফৰাই পেলোৱা ছাত্ৰ বিদ্ৰোহক "সন্ত্রাসবাদী বিদ্ৰোহ" বুলি অভিহিত কৰি আলমে কয় যে, "বাংলাদেশ আক্ৰমণৰ সন্মুখীন হৈছে আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় সমাজে মোকাবিলা কৰাটো প্ৰয়োজন। ৰাজনৈতিক বিদ্ৰোহ ঠিকেই আছে, কিন্তু বাংলাদেশত সেয়া হোৱা নাই। এইটো এটা সন্ত্ৰাসবাদী বিদ্ৰোহ ৷"

তেওঁ কয়, "আমাৰ বহু নেতাই ভাৰতত আশ্ৰয় লৈছে, আৰু আমি ভাৰত চৰকাৰৰ প্ৰতি অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আমাৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবে এক নিৰাপদ ভ্ৰমণ পথ প্ৰদান কৰিলে।

যোৱা বছৰ বাংলাদেশ পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছিল হাছিনাই অসামৰিক সেৱাৰ নিযুক্তিৰ নিয়মক লৈ চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হৈছিল।

হাছিনাক পদচ্যুত কৰাৰ পাছত মহম্মদ ইউনুছ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হৈ পৰে, যিয়ে ভাৰতৰ পৰা হাছিনাক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছিল। শেহতীয়াকৈ তেওঁ দাবী কৰিছিল যে ভাৰতে প্ৰত্যাৰ্পণৰ অনুৰোধৰ প্ৰতি “কোনো আনুষ্ঠানিক সঁহাৰি” দিয়া নাই। তেওঁ কৈছিল যে বহিষ্কৃত প্ৰধানমন্ত্ৰীগৰাকীও মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বিচাৰৰ বাবে অপেক্ষা কৰি আছে।

ইউনুছক পদত্যাগ কৰিবলৈ আহ্বান জনাই আলমে কয়, "আমি বাংলাদেশৰ উপদেষ্টাজনক পদত্যাগ কৰি তেওঁ য'ৰ পৰা আহিছিল তালৈ উভতি যাবলৈ ক'ব বিচাৰো ৷ শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব। যুৱ প্ৰজন্মই ভুল কৰিছে, কিন্তু ইয়াত তেওঁলোকৰ দোষ নহয়, তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছে ৷"

নিৰাপত্তা বাহিনী আৰু আৰক্ষী ব্যৱহাৰ কৰি শ শ কৰ্মীক অপহৰণ, নিৰ্যাতন আৰু হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে হাছিনাৰ ওপৰত। অৱশ্যে এই দাবীসমূহ অস্বীকাৰ কৰি ৰাজনৈতিক নিৰ্যাতনৰ লক্ষ্য কৰি লোৱা হৈছে বুলি জোৰ দি কয় তেওঁ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?