--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত এইবাৰ নতুনকৈ অভিষেক ঘটা গুজৰাট টাইটানছে ডেভিদ মিলাৰ আৰু ৰছিদ খানৰ অনবদ্য বেটিং প্ৰদৰ্শনেৰে চলিত আইপিএল ২০২২-ত পঞ্চম জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। দেওবাৰে অনুষ্ঠিত খেলখনত প্ৰথমে বেট কৰি চেন্নাইয়ে ১৭০ ৰানৰ লক্ষ্য বান্ধি দিছিল গুজৰাটক। চেন্নাইৰ হৈ ৰিতুৰাজ আৰু ৰাইডুৱে সৰ্বাধিক ৭৩ আৰু ৪৬ ৰানৰ বৰঙনি আগবঢ়ায়। পূৰ্বৰ মেচখনৰ দৰে গুজৰাটৰ বিৰুদ্ধে বেটিং বিক্ৰমত ব্যৰ্থ হয় ৰবীন উথাপ্পা আৰু শিৱম ডুবে। 

চেন্নাইয়ে বান্ধি দিয়া লক্ষ্যৰ চোঁচা লোৱাৰ উদ্দেশ্যে ইনিংছ আৰম্ভ কৰে গুজৰাটে। ৭উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় গুজৰাট। ডেভিড মিলাৰৰ অপৰাজিত ৯৪ ৰানে দলটোৰ জয়ৰ পথ মসৃন কৰি তোলে। মিলাৰৰ সমান্তৰালকৈ ৪০ ৰানৰ উল্লেখনীয় বৰঙনি আগবঢ়ায় অধিনায়ক ৰছিদ খানে। এই জয়েৰে গুজৰাটে পইণ্ট তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হৈছে। বিপৰীতে চলিত ছিজনত চেন্নাইয়ে ৬খনৰ ভিতৰত মাত্ৰ ১খনতে জয়ৰ মুখ দেখিছে।

স্মৰ্তব্য যে, খেলখন আৰম্ভ হোৱাৰ আগতে বিন্দু মাত্ৰও ধাৰণা কৰিব পৰা হোৱা নাছিল কোনটো দল জয়ী হ’ব। চেন্নাইৰ বিৰুদ্ধে টছ কৰিবলৈ আহি ৰছিদ খানে কয়, ‘আজিৰ খেলৰ মই অধিনায়ক। অসুস্থতাৰ বাবে হাৰ্দিক পাণ্ডিয়াই খেলিব নোৱাৰিব। হাৰ্দিকৰ স্থানত আলজাৰি যোচেফক গুজৰাটৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে।’ নিঃসন্দেহে ৰছিদৰ এই আপডেটে সুখী কৰি তুলিছিল চেন্নাইৰ অনুৰাগীক।

অৱশ্যে, সেই হাঁহি অন্তিম মুহূৰ্তলৈ ধৰি ৰাখিব নোৱাৰিলে চেন্নাইৰ অনুৰাগীয়ে। কাৰণ, হাৰ্দিকৰ অনুপস্থিতিতো মিলাৰৰ অনবদ্য বেটিং আৰু ৰছিদৰ নেতৃত্বই গুজৰাটৰ বিজৰ পথ প্ৰশস্ত কৰি তুলিছিল। উল্লেখ্য যে, চেন্নাইৰ এই ক্ৰমাগত পৰাজয়ে প্লে’ অফৰ বাটো কঠিন কৰি তুলিছে। আৰু এখন মেচত পৰাজিত হোৱাৰ পাছতে প্লে’ অফত যোগ্যতা অৰ্জনৰ বাট সম্পূৰ্ণৰূপে বন্ধ ৱৈ পৰিব চেন্নাইৰ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?