ডিজিটেল ডেস্ক: কিছু দিনৰ পৰা ‘ডিজিটেল এৰেষ্ট’ বিষয়টোৱে চৰ্চা লাভ কৰি আহিছে৷ এই পৰ্যন্ত ডিজিটেল এৰেষ্টৰ বহু কেইটা ঘটানা পোহৰলৈ আহিছিল৷ শেহতীয়াকৈ বেংগালুৰুৰ এগৰাকী মহিলাক ১১ দিনলৈ ‘ডিজিটেল এৰেষ্ট’ কৰি ৰখাৰ খবৰ পোহৰলৈ আহিছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ কৰি ম’ক জেৰা অব্যাহত ৰাখিছিল।পৰিস্থিতিৰ কৱলত মহিলাগৰাকীয়ে প্ৰৱঞ্চকসকলে বিচৰা ধৰণে ধন পৰিশোধ কৰিবলৈ তিনিটা ফিক্সড ডিপ’জিটৰ ধন দিব লগীয়া হয়। প্ৰৱঞ্চকে মহিলা গৰাকীৰ পৰা পৰা ৩০ লাখ টকা চুৰি কৰি লৈ যায়।
ঘটনাক্ৰম অনুসৰি ৩ ডিচেম্বৰৰ পৰা সূত্ৰপাত হৈছিল এই ঘটনাৰ। প্ৰথমে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ এজন বিষয়াৰ নামত। ইয়াৰ পিছত মুম্বাই আৰক্ষী বিষয়াজনৰ পৰিচয়ত। তৃতীয়বাৰৰ চিবিআইৰ বিষয়া বুলি পৰিচয় দি ভডিঅ’ কল কৰে প্ৰৱঞ্চকে
প্ৰথমতে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ বিষয়া গৰাকীয়ে জনাইছিল যে মহিলাগৰাকীৰ নামত মুম্বাইত এফআইআৰ পঞ্জীয়ন কৰা হৈছে। তেওঁৰ নামত চিম কাৰ্ড ব্যৱহাৰ কৰি আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰা হৈছে। দ্বিতীয়বাৰ মুম্বাইৰ পন্থনগৰ থানাৰ এজন উপ-পৰিদৰ্শকৰ পৰিচয় দি তেওঁক ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা কৰা হৈছিল। ইয়াৰ পিছত পাঁচ ঘণ্টাৰ ভিতৰত মুম্বাইৰ সেই থানাত ৰিপৰ্ট দিব লাগিব বুলি কোৱা হয়৷ সন্মতি নিদিয়াৰ বাবে প্ৰৱঞ্চকসকলে মহিলাগৰাকীক ‘ডিজিটেল এৰেষ্ট’ কৰে। গিৰিয়েক বা শহুৰেকেও এই ঘটনাৰ বিষয়ে গম পোৱা নাছিল বুলি সদৰি কৰিছিল।
ইয়াৰ পিছতে চিবিআইৰ এচিপিয়ে মহিলাগৰাকীক প্ৰৱঞ্চনামূলক ভিডিঅ’ কল কৰে। আৰ্থিক দুৰ্নীতিৰ ভুৱা গোচৰত তেওঁক পাঁচ ঘণ্টা ধৰি জেৰা কৰা বুলি অভিযোগ উঠিছে। শেষত তেওঁক তথ্য পৰীক্ষা কৰিবলৈ ধন পঠিয়াবলৈ কোৱা হয়। মহিলাগৰাকীয়ে প্ৰথমে ৯৯ হাজাৰ টকা পঠিয়াইছিল। ইয়াৰ পিছত প্ৰৱঞ্চকৰ দাবী পূৰণৰ বাবে তেওঁ নিজৰ তিনিটা ফিক্সড ডিপজিটৰ ধন ক্ৰমে ১০ লাখ, ৯ লাখ আৰু ৮.৫ লাখ টকা প্ৰৱঞ্চকক দিবলৈ বাধ্য হয়৷ ইয়াৰ পিছৰ পৰা মহিলাগৰাকীয়ে ভুৱা বিষয়াৰ সৈতে যোগাযোগ কৰিব নোৱাৰি তেওঁক প্ৰতাৰণা কৰা বুলি উপলব্ধি কৰি বাংগালুৰুৰ মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।
অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শেহতীয়াকৈ বাংগালুৰুৰ এজন চফটৱেৰ ইঞ্জিনিয়াৰো প্ৰৱঞ্চকৰ জালত পৰা বুলি জানিব পৰা গৈছে। সেইদৰে ডিজিটেল এৰেষ্টৰ ভাবুকি দি প্ৰৱঞ্চকসকলে ১১ কোটি ৮০ লাখ টকা চুৰি কৰিছিল।