--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুষ্পা-২ৰ প্ৰিমিয়াৰৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ এগৰাকী মহিলা নিহত হোৱাৰ লগতে এটি শিশু আঘাট প্ৰাপ্ত হৈ সংকটজনক অৱস্থাত দীৰ্ঘসময় ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লগা হয়। বৰ্তামান শিশুটি সুস্থ অৱস্থালৈ অহাত এতিয়া পৰিয়ালেও স্বস্তিৰ নিশ্বাস লৈছে।শিশুটিৰ চেতনা ঘূৰি অহাৰ পাছতে আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দে আঘাট প্ৰাপ্ত শিশুটিক সাক্ষৎ কৰে।

শিশুটিক সাক্ষাৎ কৰি চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দে কয় যে, ‘চিকিৎসকৰ সৈতে কথা পতাৰ পিছত ল’ৰাটো সুস্থ বুলি জানি বহুত আনন্দিত হৈছো বুলি উল্লেখ কৰে।

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে কয় যে শিশুটি লগতে পৰিয়ালটোৰ ভৰণপোষণৰ বাবে ২ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। আল্লু অৰ্জুনে এক কোটি টকা আৰু প্ৰযোজকে ৫০ লাখ টকা, পৰিচালকে ৫০ লাখ টকা। ইতিমধ্যে এই ধনৰাশি তেলেংগানা চলচ্চিত্ৰ উন্নয়ন নিগমৰ সভাপতি দিল ৰাজুক গতাই দিয়া হৈছে বুলি সদৰি কৰে।

তেলেংগানা চলচ্চিত্ৰ উন্নয়ন নিগমৰ সভাপতি দিল ৰাজুৱে এই সন্দৰ্ভত মন্তব্য দি কয় যে আজিলৈকে শিশুটিৰ অৱস্থাৰ উন্নতি হোৱা দেখা গৈছে। পুষ্পা-২ৰ নিৰ্মাতা আৰু পৰিচালক সুকুমাৰৰ সৈতে আল্লু অৰ্জুনে আগবঢ়োৱা ২ কোটি টকা শিশুটিৰ লগতে পৰিয়ালৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি সদৰি কৰে। 

কাইলৈ ​​চলচ্চিত্ৰ জগতৰ সদস্যসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।  দিল ৰাজুৱে  তেওঁক মুখ্যমন্ত্ৰীয়ে চলচ্চিত্ৰ উদ্যোগ আৰু চৰকাৰৰ মাজত সেতু হিচাপে কাম কৰাৰ দায়িত্ব প্ৰদান কৰিছে বুলি সদৰি কৰিছে।

প্ৰসংগক্ৰমে অনাকাংক্ষিতভাৱে সমস্যাই ঘেৰি ধৰাৰ পাছতো পুষ্পা-২ৰ বক্স অফিচৰ সফলতাই আকশ চুবলৈ সক্ষম হৈছে। ইতিমধ্যে এই ছবিখনে বহুকেইটা অভিলেখ ভংগ কৰিছে। এই পৰ্যন্ত ছবিখনে বিশ্বজুৰি ১৬০০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?