--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটি শিশুৰ মহানুভৱতাই ছ’চিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা৷ পিতৃ-মাতৃ আৰু ঘৰখনৰ পৰা পোৱা মানৱীয় প্ৰমূল্য আৰু নৈতিকতাৰ পাঠে শিশুমনক কিদৰে প্ৰভাৱিত কৰে, তাৰেই উমান পাব এই প্ৰতিবেদনত৷ 

এগৰাকী মহিলা৷ এখন ঘৰত তেওঁ কাম কৰি, ৰান্ধি-বাঢ়ি পৰিয়াল পোহপাল দিয়ে৷ ঘৰখনত আছে এটি শিশু৷ আৰু শিশুটোৰো তত্ত্বাৱধান কৰে মহিলাগৰাকীয়ে৷ শিশুটিৰ নাম অংকিত৷ 

অংকিতৰ শিশুটিৰ পিতৃয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট লিখিছিল। এই পোষ্টটোত তেওঁ এনেকুৱা এটা কথা লিখিছিল, যিটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে। এই শিশুটিক সকলো প্ৰকাৰে প্ৰশংসা কৰা হৈছে। প্ৰশংসাৰে ওপচাই দিছে নেটিজেনে৷ 

অংকিতৰ পিতৃ ভি বালাজীয়ে তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ ঘৰৰ ৰান্ধনীৰ ছবি শ্বেয়াৰ কৰি এই কাহিনীটো চিত্ৰিত কৰিছে।

এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু ১৩ ডিচেম্বৰত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল। এই ছবিখন শিশুটিৰ দেউতাকে শ্বেয়াৰ কৰিছিল আৰু তেওঁ লিখিছিল, ‘অংকিতে উইকেণ্ড টুৰ্ণামেণ্ট খেলি থাকোঁতে ৭ হাজাৰ টকা পুৰস্কাৰ হিচাপে লাভ কৰিছিল আৰু আজি সেই টকাৰে তেওঁ আমাৰ ঘৰৰ ৰান্ধনী সৰোজাৰ বাবে ২০০০ টকাৰ মোবাইল এটা কিনিলে। সৰোজাই আমাৰ ল’ৰাটো ছমাহ বয়সৰ পৰাই চোৱা-চিতা কৰি আহিছে।’
 
একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শিশুটিয়ে গ্ৰহণ কৰা এনে অৰ্থপূৰ্ণ পদক্ষেপৰ বাবে অভিভাৱকক অভিনন্দন জনাইছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?