--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঢেকীয়া(Fiddlehead ferns) অসমীয়া সমাজত অতি জনপ্ৰিয় শাক। ঢেকীয়া শাকৰ ভাজিখনৰ সোৱাদেই সুকীয়া, লগত বুট,আলু দি ভাজিলে ইয়াৰ সোৱাদ দুগুণে চৰে। মাছৰ সৈতে ঢেকীয়া শাকৰ জোল খাবলৈ অতি তৃপ্তিকৰ। ইফালে ঔ-টেঙা দি ৰন্ধা ঢেকীয়া শাকৰ জোল বা আঞ্জাৰ প্ৰতিও অসমীয়াৰ বৰকৈ হেঁপাহ। এপ্ৰিল মাহৰ পৰা অক্টোৱৰ মাহলৈকে পৰ্য্যাপ্ত পৰিমাণে ঢেকীয়া পোৱা যায় ৷ চ’ত মাহৰ প্ৰথম বৰষুণ কেইজাক পোৱাৰ পিছৰে পৰা ঢেঁকীয়াৰ কোমল কুঁহিপাত ওলাবলৈ আৰম্ভ কৰে আৰু গোটেই বাৰিষা কালছোৱাত ইয়াৰ গছত একেৰাহে ঠোৰ ওলাই থাকে। 



এজোপা গছৰ পৰা প্ৰতি তিনি-চাৰি দিনৰ মূৰে মূৰে নতুন কোমল ঠুৰি ছিঙিব পৰা হয়। এইবিধ শাক নদীৰ পাৰত, পথৰ দাঁতিত আৰু বাৰীৰ আশে পাশে ওখ জিপাল মাটিত লহপহকৈ নিজে নিজে গজি উঠা দেখা যায়৷ ঢেকীয়া শাক সকলো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰভাৱৰ পৰা সৰ্বদামুক্ত৷ ঢেকীয়া শাকৰ বাবে মানুহে কষ্ট কৰিব লগীয়া একো নাথাকে। প্ৰকৃতিয়ে দিয়া এই অনুপম উপহাৰ মাঁথো ছিঙি-বুটলি আনিব জানিলে্ই হ'ল।



ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়। 



ঢেকীয়া শাকৰ গুণাগুণ

(১) ঢেকীয়াত প্ৰ'টিন আছে আৰু লগতে আছে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ। ই শৰীৰত যথেষ্ট পুষ্টি যোগায়। সহজলভ্য আৰু পুষ্টিকৰ খাদ্য।নিচিন্ত মনেৰে খাওক ৷

(২)কেলচিয়াম,ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

(৩)জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

(৪)বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

(৫)ৰুচি বৰ্ধক,আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।

(৬)পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।



(৭)লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

(৮)ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য ।

(৯)ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী ।

(১০)ঢেকীয়া খালে মাতৃদুগ্ধৰ উন্নতি ঘটে৷

(১১) উচ্চ ৰক্তচাপ কমোৱাত ঢেকীয়াই ভূমিকা লয়৷

(১২) কেঞ্চাৰ, হাওঁফাওঁ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

গতিকে আহক আমাৰ বাৰীত সহজতে পোৱা বা বজাৰতো সহজে উপলব্ধ ঢেকীয়া শাক খাই সুস্বাস্থ্যৱান হৈ থাকো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?