ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ বিতোপন পৰিবেশৰ মাজত অৱস্থিত লাডাখৰ বহু ঠাই আজিও পৰ্যটকৰ বাবে নিষিদ্ধ। কিন্ত তেনে এক নিষিদ্ধ এলেকা মুক্ত মনেৰে ভ্ৰমণ কৰিব পাৰিব দেশ-বিদেশৰ পৰ্যটকে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতীয় সকলৰ লগতে দেশলৈ অহা পৰ্যটকসকলে শীঘ্ৰেই তেওঁলোকৰ বাহনসমূহ লাডাখৰ পাংগং হ্ৰদৰ ওচৰৰ এটা বিশেষ বিন্দুলৈ নিবলৈ সক্ষম হ'ব, য'ত আগতে পৰ্যটকৰ প্ৰৱেশাধিকাৰৰ নাছিল।
পূব লাডাখৰ চাং চেনমো খণ্ডত থকা এই বিশেষ স্থানলৈ আগতে পৰ্যটকসকলক যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।পৰ্যটকক নিষিদ্ধ এলেকা ভ্ৰমণৰ সিদ্ধান্তটো দুটা পৰ্যায়ত আৰম্ভ কৰা হ'ব। প্ৰথম পৰ্যায়ত পৰ্যটকসকলক ১৮,৩১৪ ফুট ওখ মাৰ্চিমিক লা পাৰ হৈ টচগটচালোলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়া হ'ব। ই হৈছে এক চৰণীয়াভূমি যি লেহৰ পৰা ১৬০ কিলোমিটাৰ পূৱত আৰু প্ৰকৃতনিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অৱস্থিত ৰিমদি চু আৰু চাং চেনমো নামৰ দুখন নদীৰ সঙ্গমস্থলত অৱস্থিত।পৰ্যটকসকলক দ্বিতীয় পৰ্যায়ত টচগটচালোৰ পৰা আৰু ওপৰলৈ অৱস্থিত হট স্প্ৰিংছলৈ যাবলৈ অনুমতি দিয়া হ'ব।
অনুমোদিত পথটোৰ অন্তিম বিন্দু হ'ব ১৯৫৯ চনৰ ২১ অক্টোবৰত শ্বহীদ হোৱা ১০ জন কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈনিকৰ সন্মানত নিৰ্মাণ কৰা স্মাৰকক্ষেত্ৰ। উল্লেখ্য ১৯৫৯ চনৰ ২১ অক্টোবৰত চীনা সৈন্যই ভাৰতৰ টহলদাৰী দলটোক আক্ৰমণ কৰিছিল।
ফলত ১০ জন জোৱান নিহত হৈছিল।লাডাখৰ স্থানীয় লোকসকলে এই দীৰ্ঘদিনীয়া প্ৰত্যাশিত সিদ্ধান্তক আদৰণি জনাইছে। প্ৰশাসনে লগতে জনায় যে পৰ্যটকসকলৰ বাবে সেই পূৰ্বে নিষিদ্ধ এলেকাত শৌচাগাৰ, চেলফি পইণ্ট আৰু চিকিৎসা সেৱাৰ সুবিধা প্ৰদানৰ কেন্দ্ৰ স্থাপনৰ কাম চলি আছে।