--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় অধিকাৰ বিষয়ৰ আমেৰিকাৰ এক আয়োগে ভাৰতৰ বহিঃ চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ উইঙ(ৰ)ৰ বিৰুদ্ধে নিষেধাজ্ঞা অৰোপ কৰাৰ পৰামৰ্শ আগবঢ়াইছে আমেৰিকা চৰকাৰক। শিখ বিচ্ছিন্নতাবাদীৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ বাবে ইউ এছ কমিছন অন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্রীডমে (ইউ এছ চি আই আৰ এফ) এই অনুমোদন জনাইছে। 

শিখ বিচ্ছিন্নতাবাদী নেতা গুৰুপটৱন্ত সিং পান্নুৰ হত্যাৰ ষড়যন্ত্ৰৰ সৈতে ৰ জড়িত থকাৰ অভিযোগৰ সন্দৰ্ভতে আয়োগে এই পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে খালিস্তানী নেতা গুৰুপটৱন্ত সিং পান্নুৰ হত্যাৰ ষড়যন্ত্ৰত ৰ-ৰ প্ৰাক্তন এজেন্ট বিকাশ যাদৱক আমেৰিকাই অভিযুক্ত কৰিছিল ।আয়োগে মঙলবাৰে প্ৰকাশ কৰা বার্ষিক প্রতিবেদনত ভাৰতৰ সংখ্যালঘুসকলে নিকৃষ্ট ব্যৱহাৰৰ সন্মুখীন হোৱা বুলিও অভিযোগ কৰা হৈছে। আনহাতে ভাৰতক ধর্মীয় স্বাধীনতাৰ ক্ষেত্ৰত 'বিশেষ উদ্বেগৰ দেশ বুলি' আখ্যা দিবলৈও আমেৰিকা চৰকাৰক এই আয়োগে পৰামৰ্শ আগবঢ়ায়। 

আয়োগে প্রতিবেদনত কয়, 'ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণ আৰু বৈষম্য বৃদ্ধি পাই থকাৰ বাবে ২০২৪ চনত ভাৰতত ধৰ্মীয় অধিকাৰৰ অৱস্থা শোচনীয় হৈ আছে।' ইয়াত অভিযোগ কৰা হৈছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) যোৱা বছৰ লোক সভাৰ নিৰ্বাচনৰ সময়ত মুছলমান আৰু আন ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ঘৃণাপূর্ণ কথা আৰু অপতথ্যৰ প্ৰচাৰ কৰিছিল। ইফালে ইউ এছ চি আই আৰ এফৰ প্ৰতিবেদনক নাকচ কৰি আজি ভাৰতে প্রতিক্রিয়া প্রকাশ কৰি কয় যে ইউ এছ চি আই আৰ এফক 'উদ্বেগৰ প্রতিষ্ঠান' আখ্যা দিব লাগে। ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কয় যে ইউ এছ চি আই আৰ এফৰ শেহতীয়া প্ৰতিবেদনত ইয়াৰ 'পক্ষপাতমূলক আৰু ৰাজনৈতিকভাৱে প্ৰৰোচিত মূল্যায়ন'ৰ প্ৰণালী অব্যাহত আছে ।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?