--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ অন্তিম দিনটোত প্রধান বিৰোধী দল কংগ্ৰেছে মূৰত ক'লা ৰঙৰ বন্ধ টোপোলা লৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। সোমবাৰে হাতত জেওৰা-জপনা লৈ এ আই ইউ ডি এফে আৰু কংগ্ৰেছে ক'লা পোছাক পৰিধান কৰি প্ৰতীকী প্রতিবাদ সাব্যস্ত কৰাৰ পাছত আজি বিৰোধী দলটোৰ এই ব্যতিক্রমী প্রতিবাদে সকলোৰে দৃষ্টি আকর্ষণ কৰে।

ৰাজ্য চৰকাৰখনে মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ অসমবাসীক কোঙা কৰাৰ অভিযোগেৰে কংগ্রেছে এই প্রতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰে লোৱা ঋণক বোজা আকাৰে দাঙি ধৰিয়েই কংগ্ৰেছৰ বিধায়কসকলে প্রতীকী ৰূপত তাক টোপোলাৰূপে মূৰৰ ওপৰত লৈ সদনৰ ভিতৰত প্ৰৱেশৰ বাবেও চেষ্টা চলায়।

অৱশ্যে নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰাত বিধায়কসকলে টোপোলা লৈ বিধানসভাত প্ৰৱেশ কৰিব নোৱাৰিলে। আনহাতে এই প্রতীকী প্রতিবাদৰ নেতৃত্ব দিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, '১০ বছৰৰ পূৰ্বে ৰাজ্যখনৰ জনমূৰি ঋণ আছিল ১০,৭৬০ টকা। কিন্তু বিজেপিৰ বিগত ৯ বছৰীয়া কাৰ্যকালত ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণ ৪৭,৩২৪ টকা হৈছে। সেয়েহে চৰকাৰখনে ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়াৰ প্ৰতিবাদত আজি আমি মূৰত ঋণৰ টোপোলা লৈ প্রতিবাদ কৰিছোঁ।'

উল্লেখযোগ্য যে ঋণ লোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰখনে অভিলেখ সৃষ্টি কৰিছে। যোৱা বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ আছিল ১,৫০,৯০০ কোটি টকা। আনহাতে চলিত বিত্তীয় বৰ্ষত এই ঋণৰ পৰিমাণ ১,৭০,০০০ কোটি টকালৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

আনহাতে আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰখনে ৩৬,১৮৫ কোটি টকাৰ ঋণ লোৱাৰ বাবে বাজেটত প্ৰস্তাৱ দাখিল কৰিছে। তথ্য অনুসৰি ২০১৬ চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। ইয়াৰ পাছত সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ৪৭,৭৪৫ কোটি টকাৰ ঋণ লয়। কিন্তু ড° হিমন্ত বিশ্ব শর্মাই মুখমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত যোৱা তিনি বছৰৰ ভিতৰত লোৱা ঋণৰ পৰিমাণ হৈছে ৬১,১৯১ কোটি টকা। আনহাতে চৰকাৰখনে লোৱা এই ঋণৰ ধন হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় কৰা হৈছে বুলি বিৰোধী পক্ষই দাবী কৰি আহিছে। যাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত এতিয়া দিনৌবৃদ্ধি পাইছে ঋণৰ বোজা।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?