--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা বিবাদৰ ভয়ংকৰ পৰিণতি। সাধাৰণ কথাতে এহাল পতি-পত্নিৰ আত্মহত্যা। উত্তৰ প্ৰদেশৰ বিজনোৰত ঘটিছে এই ঘটনা। পতি-পত্নীৰ নাম ৰোহিত কুমাৰ আৰু পাৰ্বতী কুমাৰী। বৃহস্পতিবাৰে ৰোহিত কুমাৰৰ মোমায়েকৰ পুত্ৰৰ বিয়া আছিল। ৰোহিতৰ গোটেই পৰিয়ালটো বিয়ালৈ গৈছিল। 

ৰোহিতৰ পত্নীও বিয়ালৈ যাবলৈ সাজু আছিল যদিও ৰোহিতে দিনত মদ্যপান কৰি ঘৰলৈ আহি বিয়ালৈ যাবলৈ অস্বীকাৰ কৰিবলৈ ধৰিলে। এই বিষয়টোক লৈ দুয়োৰে মাজত বিবাদ হৈছিল। ইয়াৰ পিছত ৰোহিত ঘৰৰ পৰা ওলাই যায়। মনৰ দুখত পত্নী পাৰ্বতীয়ে ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

কিছু সময়ৰ পাছত ঘৰলৈ উভতি আহি ৰোহিতে পত্নীক ওলমি থকা দেখি হুলস্থূল লগাই দিলে। ওচৰতে মানুহ গোট খাই পাৰ্বতীক ফান্দৰ পৰা নমাই ডাক্তৰৰ ওচৰলৈ লৈ গ’ল, কিন্তু ডাক্তৰে পাৰ্বতীক মৃত বুলি ঘোষণা কৰিলে। এই কথাত আঘাত পাই ৰোহিতেও ঘৰৰ পৰা ওলাই প্ৰায় ২ কিলোমিটাৰ দূৰৈৰ ৰেলপথত উপস্থিত হয়। ইয়াত তেওঁ দিল্লীৰ পৰা অহা দিল্লী কোটদ্বাৰ সিদ্ধাবলী এক্সপ্ৰেছৰ সন্মুখত জপিয়াই আত্মহত্যা কৰে। ইয়াৰ পিছতে ৰোহিতক বিচাৰি ফুৰোতে গাঁওবাসীয়ে ৰেলপথত উপস্থিত হৈ তেওঁৰ মৃতদেহ তাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

এই তথ্য ততাতৈয়াকৈ আৰক্ষীক দিয়া হয়। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো ৰে’লপথৰ পৰা আঁতৰাই নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰোহিত আৰু পাৰ্বতীৰ সৰু ল'ৰা-ছোৱালী দুটা অনাথ হৈ পৰিল। পুত্ৰ সন্তানৰ বয়স ৩ বছৰ আৰু কন্যাৰ বয়স ডেৰ বছৰ। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰখনত আন কোনো নাছিল কাৰণ পৰিয়ালৰ সকলো সদস্যই পুৱাই বিয়াখনলৈ গৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?