--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে সকলো কৰিব পাৰে। প্ৰেমৰ বাবেই হেলাৰঙে কৰিব পাৰি কঠিনতকৈও কঠিন কাম। পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ জাতেশ্বৰ গাঁৱৰ এক অসাধাৰণ প্ৰেম কাহিনীয়ে সকলোৰে মন জয় কৰিছে। শাৰীৰিকভাৱে অক্ষম পত্নীয়ে যাতে পূজাৰ আনন্দ উপভোগৰ পৰা বঞ্চিত নহয় তাৰবাবে সুব্যৱস্থা কৰিলে স্বামীয়ে। 

সুখী নামৰ মহিলাগৰাকীক সুখী কৰিবলৈ সকলো কৰিব পাৰে বিনোদ নামৰ মানুহজনে। দুৰ্গা মাৰ দৰ্শন কৰাবলৈ সুখীক কোলাই-বোকোচাই উঠাই পূজাৰ মণ্ডপে-মণ্ডপে ঘূৰিল বিনোদ। সুখী সদায় সুখী হৈ ৰোৱাৰ আঁৰত আছে তেওঁৰ স্বামী বিনোদ, যিয়ে প্ৰতি বছৰে  সুখীক কোলাই-বোকোচাই উঠাই পূজা দেখুৱাবলৈ ওলাই আহে। জীৱনৰ ৰংবোৰ ভালদৰে বুটলিবলৈ দুয়ো লয় মা দুৰ্গাৰ আশীৰ্বাদ।

সুখীৰ জন্মৰ সময়ত মাক-দেউতাকে তেওঁক ‘সুখী’ নামৰ মৰমলগা নামটো দিছিল। শাৰীৰিকভাৱে অক্ষম যদিও সুখী কিন্তু সঁচাকৈয়ে সুখী কিয়নো তেওঁৰ স্বামী বিনোদে মৰম-ভালপোৱা, আদৰ-যত্নৰে উপচাই ৰাখিছে জীৱন। সুখী জন্মতেই শাৰীৰিকভাৱে অক্ষম নাছিল। জীৱনৰ ৫ বছৰ বয়সত তেওঁ পলিঅ’ ৰোগত আক্ৰান্ত হৈছিল। ফলত সুখীৰ দুভৰি অক্ষম হৈ পৰিল। পৰিয়ালে চোৱা-চিতা কৰি ডাঙৰ-দীঘল কৰা সুখীৰ যৌৱন কালত জীৱনৰ পোহৰ হৈ আগমন ঘটিল বিনোদ দাসৰ। ১১ বছৰ পূৰ্বে প্ৰেমক স্থায়ী নাম দিয়াৰ মানসেৰে সুখী সৰকাৰক বিয়াই কৰাই নিজ ঘৰখনলৈ লৈ আহিছিল বিনোদ দাসে। 

দুয়োৰে বিয়া হোৱাৰ পিছৰে পৰা বিনোদে পত্নীৰ শাৰীৰিক অক্ষমতাক এদিনো বাধা হিচাপে চোৱা নাই। সুখীয়ে যাতে নিজ জীৱনক লৈ কেতিয়াও হুমুনিয়াহ কাঢ়িব লগা নহয় তাৰ প্ৰতি সৰ্বক্ষণ নজৰ ৰাখে বিনোদে। সুখী-বিনোদৰ সংসাৰত আছে দুটিকৈ মৰমলগা পুত্ৰ সন্তান। এটিৰ বয়স ৮ বছৰ আৰু সৰুটিৰ বয়স ৫ বছৰ। পেছাত ই-ৰিক্সা চালক বিনোদ দাসে নিজৰ সংসাৰখন পত্নীৰ সহযোগত বৰ সুন্দৰকৈ আৰু নিয়াৰিকৈ চলাই নিছে। 

বহুতৰ বাবে দুয়োৰে সম্পৰ্ক অতি আদৰ্শৰ আৰু কিছুমানৰ বাবে ঈৰ্ষাৰ বিষয়। তেওঁলোক কুশলে থাকিবলৈ ৰাইজে জনাইছে শুভকামনা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?