ডিজিটেল ডেস্ক : ভাৰত, আমেৰিকা, ৰাছিয়া কোনো সাৰি নাযায়। সকলোৰে বিনাশৰ আখৰা কৰি থকা হৈছে ৰঙা চীনৰ ভূমিত। শেহতীয়াকৈ প্ৰকাশিত মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ এক প্ৰতিবেদনত এনে আশংকাই প্ৰকাশ পাইছে। ভাৰতৰ চুবুৰীয়া তথা বৈৰী দেশ চীনে দ্ৰুতগতিত তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ বৃদ্ধি কৰিছে বুলি প্ৰকাশ পাইছে পেণ্টাগনৰ প্ৰতিবেদনত। যিটো হাৰত তেওঁলোকৰ পৰমাণু অস্ত্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আগবাঢ়িছে সেই গতিত এই প্ৰক্ৰিয়া অব্যাহত থাকিলে এটা দশকৰ ভিতৰতে সমগ্ৰ বিশ্বৰ বাবে চীন মূৰৰ কামোৰণি হৈ উঠিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে পেণ্টাগনে।
আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰিছে যে, ২০২৭চনৰ ভিতৰতে চীনে ৭০০টা পৰামাণু অস্ত্ৰ প্ৰস্তুত কৰাৰ সক্ষমতা আছে। আৰু ২০৩০চনৰ ভিতৰত তেওঁলোকৰ এই সক্ষমতা আৰু বৃদ্ধি পাব আৰু তেওঁলোকে ১০০০পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ সক্ষমতা অৰ্জন কৰিব। অৰ্থাৎ অহা এটা দশকৰো কম সময়ৰ ভিতৰত বিশ্বৰ শক্তিৰ অভিকেন্দ্ৰ সলনি হ’ব আৰু বিশ্বৰ সকলো শক্তিধৰ দেশৰ বাবে প্ৰত্যাহ্বানত পৰিণত হ’ব চীন।
মন কৰিবলগীয়া যে, ২০২০ চনত আমেৰিকাই প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, চীনৰ হাতত ২০০টা পাৰমাণৱিক অস্ত্ৰ আছে আৰু ২০৩০চনৰ ভিতৰত এই অস্ত্ৰৰ পৰিণাম দুগুণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু আমেৰিকাৰ এই পূৰ্বানুমানক ভুল প্ৰমাণিত কৰি চীনে নিজৰ অস্ত্ৰভাণ্ডাৰ ব্যপাক হাৰত বৃদ্ধি কৰিছে। আমেৰিকাই যোৱা বছৰ কৰা অনুমানতকৈ এবছৰৰ ভিতৰতে আঢ়ৈগুণৰো অধিক পাৰমাণৱিক অস্ত্ৰ বৃদ্ধি কৰিছে চীনে। চীনৰ এই অবাঞ্চিত কাৰ্যকলাপ কেৱল আমেৰিকাৰ বাবেই মূৰৰ কামোৰণি হৈ পৰা নাই, ভাৰতৰ বাবে ই হৈ পৰিছে এক অশনি সংকেট। চুবুৰীয়া দেশখনকে ভাৰতৰ সীমা সংঘাতে ইতিমধ্যেই গুৰুতৰ ৰূপ লাভ কৰিছে। আনহাতে পাকিস্তানৰ বন্ধু হোৱা সূত্ৰেই ভাৰতৰ বাবে চীনে সৃষ্টি কৰা সংকট অধিক গভীৰ। অৱশ্যে চীনে পেণ্টাগনৰ এই প্ৰতিবেদনক ভিত্তিহীন বুলি আখ্যা দিছে। এয়া যুক্তিহীন ধাৰণা আৰু অহেতুক সংশয় সৃষ্টিৰ প্ৰৱণতা বুলি আখ্যা দিছে চীনৰ বিদেশ মন্ত্ৰণালয়ে। নতুন দিল্লীৰ ফালৰ পৰাও এতিয়ালৈ এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই। কিন্তু চীনে ভাৰতৰ ওপৰত চাপ বৃদ্ধিৰ চেষ্টা কৰি থকা কথাটোক অস্বীকাৰ কৰাৰো কোনো উপায় নাই। কিয়নো ভাৰতৰ ভূমিত অৰুণাচলৰ আপাৰ সোৱণশিৰি জিলাত চীনে গাঁও পতাৰ কথা মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ প্ৰতিবেদনতো অন্তৰ্ভুক্ত কৰা হৈছে। ‘ছাৰি চু’ নদীৰ পাৰত, মেকমোহন লাইনৰ সমীপত ১০০ ঘৰ নিৰ্মাণেৰে চীনে গাঁও পতা তথা এলএচিৰ আশে-পাশে আৰু আনকি ভাৰতৰ ভূমিতো আন্তঃগাঠনি নিৰ্মাণেৰে চীনে আগ্ৰাসন চলোৱাৰ তেওঁলোকৰ মনোবৃত্তি প্ৰকট কৰি তোলা বুলিও প্ৰকাশ কৰিছে মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ প্ৰতিবেদনখনত। এয়া ভাৰতৰ বাবে উদ্বেগকৰ কাৰণ হৈ পৰিব পাৰে বুলি সকীয়াই দিছে আমেৰিকাই।
আমেৰিকাই প্ৰকাশ কৰিছে যে, ২০৪৯চনৰ ভিতৰত চীনৰ সেনাবাহিনী ‘পিপলছ লিবাৰেচন আর্মী’ক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বাহিনীৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে বেইজিঙে। আমেৰিকা আৰু ৰাছিয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা ক্ষেপনাস্ত্ৰ নিৰ্মাণ কৰাৰ লগতে, আকাশৰ পৰা আকাশলৈ আৰু ছাবমেৰিনৰ পৰাও ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিব পৰা প্ৰযুক্তি চীনে গঢ়ি তোলা বুলি আমেৰিকাই দাবী কৰিছে। প্ৰতিৰক্ষা উপগ্ৰহৰ সহায়ত লাভ কৰা আলোকচিত্ৰৰ জৰিয়তে আমেৰিকাই চীনক এই বিশাল অস্ত্ৰভাণ্ডাৰৰ উমান লাভ কৰা বুলি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰিছে।