--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আয়কৰ বিভাগে সৰ্বসাধাৰণৰ আয়ত চকু ৰখাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। সামাজিক মাধ্যমত সতর্ক দৃষ্টি ৰাখি আয়কৰ বিভাগে সকলো ধৰণৰ বিনিয়োগ তথা সম্পত্তিত চকু ৰাখিব। নতুন আয়কৰ বিধেয়কত আয়কৰ বিভাগৰ বিষয়াসকলে এই দায়িত্ব সম্পাদন কৰিব। নতুন আইনখনত কৰদাতাৰ আয় আৰু ব্যয়ত চকু ৰখাৰ বাবে বিভাগৰ বিষয়াসকলক ইয়াকে ধৰি আন ভালেমান অধিকাৰ দিয়া হৈছে। 


আয়কৰ বিভাগৰ বিষয়াসকলৰ মতে, একাংশ কৰদাতাই তেওঁলোকৰ কিছুমান বিনিয়োগ বা ব্যয়ৰ তথ্য দাখিল নকৰে, কিন্তু সামাজিক মাধ্যমৰ একাউণ্টত ইয়াৰ তথ্য থাকে। নতুন আয়কৰ বিধেয়কৰ এটা প্ৰস্তাৱত আয়কৰ বিভাগৰ বিষয়াসকলক সৰ্বসাধাৰণৰ ই-মেইল, হোৱাটছএপ, ইন্‌ষ্টাগ্ৰামৰ দৰে সামাজিত মাধ্যমৰ একাউণ্টত চকু ৰখাৰ অনুমতি দিছে। 

ইয়াৰ প্রধান লক্ষ্য হ'ল ক্রিপ্ট'কাৰেন্সীত বিনিয়োগৰ তথ্য লাভ কৰা। ১৯৬১ চনৰ আয়কৰ আইনৰ স্থান ল'ব লগা এই নতুন আয়কৰ বিধেয়কখনত ডিজিটেল ক্ষেত্ৰখনত থকা তথ্যৰ সন্ধান কৰা আৰু ইয়াৰ ভিত্তিত জব্দ কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ জৰিয়তে আয়কৰ বিভাগৰ বিষয়াসকলে ভার্চুৱেল সম্পত্তিৰ তদন্ত কৰিব পাৰিব, যদিহে তেওঁলোকে ভাৱে যে সংশ্লিষ্ট কৰদাতাই কৰযোগ আয় বা বিনিয়োগৰ তথ্য লুকুৱাই ৰাখিছে। বিশেষজ্ঞসকলৰ মতে, এই ব্যৱস্থাই ডিজিটেল অর্থব্যৱস্থাত থকা সুৰুঙাৰ সুযোগ লৈ কৰ ফাকি দিয়াতো প্ৰতিৰোধ কৰিব পাৰিব। 

উল্লেখযোগ্য যে ভাৰতত ক্রিপ্ট'কাৰেন্সীৰ লেনদেন দ্রুতগতিত বৃদ্ধি পাইছে। বর্তমান ক্রিপ্ট'কাৰেন্সীৰ জৰিয়তে হোৱা লেনদেনত ৩০% হাৰত কৰ আৰোপ কৰা হয়। সেয়েহে একাংশ লোকে এনে ধৰণৰ লেনদেনৰ তথ্য লুকুৱাই ৰাখে। প্ৰস্তাৱিত আইনখনে যুটীয়া আয়ুক্ত বা তাৰ ওপৰৰ বিষয়াসকলক প্রয়োজন সাপেক্ষে ইলেক্ট্রনিক সঁজুলি আৰু ডিজিটেল প্লেটফৰ্মৰ একছেছ কন্ট্রলক অভাৰছাইড কৰিব পাৰিব। ইয়াৰ ভিতৰত ক্লাউড ষ্ট'ৰেজ, এনক্রিপ্টেড কমিউনিকেশ্যন চেনেল আৰু ডিজিটেল এছেট এক্সছেঞ্জত চকু ৰখাও আছে। বিধেয়কখনৰ ২৪৭ ধাৰাই বিভাগৰ সংশ্লিষ্ট বিষয়াই কম্পিউটাৰ ছিষ্টেম বা ভার্চুৱেল ডিজিটেল স্পেচৰ একছেছ ক'ড অভাৰছাইড কৰাৰ অনুমতি দিয়ে। অৱশ্যে কৰ বিভাগৰ বিষয়াসকলক এই প্ৰস্তাৱিত আইনে কোনো নতুন অধিকাৰ দিয়া নাই। বর্তমান তথ্য-প্রযুক্তি আইনত
এই ব্যৱস্থা আছেই।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?