--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্রেইনৰ ৩০ দিনীয়া যুদ্ধ বিৰতিৰ আমেৰিকাৰ প্ৰস্তাৱ ইউক্রেইনে মানি লোৱাৰ এদিনৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে ইউক্রেইনৰ সৈতে ৰুছ বাহিনীৰ শান্তি চুক্তিৰ বাবে মার্কিন প্রতিনিধি অচিৰেই ৰাছিয়ালৈ ৰাওনা হ'ব। বুধবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে ৰুছ ৰাষ্ট্ৰপতি পুটিনক সতর্ক কৰি দিয়ে যে ইউক্রেইনৰ সৈতে যদি ৰাছিয়াই শান্তি প্রক্রিয়াত যোগ নিদিয়ে তেনেহ'লে ৰাছিয়া ভয়ংকৰ মার্কিন 'নিষেধাজ্ঞা'ৰ সম্মুখীন হ'ব।

চলিত সপ্তাহতে মার্কিন বিশেষ দূত ষ্টিভ উইটকফ মস্কোলৈ ৰাওনা হ'ব বুলি হোৱাইট হাউছৰ সূত্রই প্রকাশ কৰিছে। আনহাতে, ইউক্রেইনৰ সৈতে যুদ্ধ অন্ত পেলোৱাৰ বাবে আমেৰিকাক ৰাছিয়াই কেইবাটাও দাবী উত্থাপন কৰিছে। অৱশ্যে দাবীকেইটাৰ বিষয়ে এতিয়ালৈকে জানিব পৰা নাই। ৰাছিয়াই উত্থাপন কৰা দাবীসমূহ আমেৰিকাই পূৰণ কৰিলেহে ইউক্রেইনৰ সৈতে যুদ্ধ বিৰতি সম্ভৱ বুলি ক্রেমলিনে সদৰী কৰে। এই ঘটনা প্ৰৱাহৰ মাজতে বুধবাৰে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত আকস্মিকভাৱে উপস্থিত হয় ৰুছ ৰাষ্ট্ৰপতি পুটিন। ইউক্রেইনৰ সেনাই এই অঞ্চলটোত দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি পুটিন কুৰ্স্ক অঞ্চলত উপস্থিত হয়। ৰুছ বাহিনীয়ে ইতিমধ্যে কুৰ্স্ক অঞ্চলৰ বহু এলেকা ইউক্রেইনৰ কবলৰ পৰা উদ্ধাৰ কৰিছে। 

ৰাষ্ট্ৰপতি পুটিন কুৰ্স্কত উপস্থিত হৈ ইউক্রেইনৰ দখলত থকা বাকী অঞ্চলসমূহ উদ্ধাৰ কৰিবলৈ ৰুছ বাহিনীক কাঢ়া নির্দেশ দিয়ে। উল্লেখযোগ্য যে কুস্কেই হৈছে একমাত্ৰ ৰাছিয়াৰ অঞ্চল, য'ত ইউক্রেইনে ইয়াৰ স্থিতি এতিয়াও বাহাল ৰাখিছে। শেহতীয়া বাতৰি মতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্রালয়ে ঘোষণা কৰিছে যে বৃহস্পতিবাৰে ইউক্রেইনৰ দখলৰ পৰা তেওঁলোকে কুৰ্স্ক অঞ্চলৰ বৃহৎ চহৰ চূডঝা দখল কৰিছে।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?