--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনিও ইউপিআই পেমেণ্ট ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আছে। আজিৰ সময়ত ইউপিআইৰ জৰিয়তে ধনৰ লেনদেন কৰাটো অতি সাধাৰণ হৈ পৰিছে। যদি আমি ১০ টকাও ট্ৰেন্সফাৰ কৰিব লগা হয়, তেন্তে তাৰ বাবে আমি ইউ পি আই ব্যৱহাৰ কৰো, কিন্তু এই সকলোবোৰৰ মাজতে আপুনি জানেনে এদিনত ইউপিআইৰ জৰিয়তে কিমান টকা ট্ৰেন্সফাৰ কৰিব পাৰিব।

সকলো বেংকৰ সীমা বেলেগ বেলেগ
উল্লেখযোগ্য যে এই সীমা সকলো বেংকৰ গ্ৰাহকৰ বাবে বেলেগ বেলেগ। এছ বি আই, আইচিআইচিআই বেংক আৰু এইচডিএফচিকে ধৰি সকলো বেংক গ্ৰাহকে বিভিন্ন সীমা লাভ কৰে, যাৰ জৰিয়তে আপুনি ধনৰ লেনদেন কৰিব পাৰে।

কোনটো বেংকৰ ইউপিআই সীমা কিমান?
•  যদি আপুনি এছ বি আইৰ গ্ৰাহক হয় তেন্তে এদিনতে ইউ পি আইৰ জৰিয়তে ১ লাখ টকাৰ লেনদেন কৰিব পাৰিব।
•  HDFC Bank ৰ গ্ৰাহকেও ১ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰে, কিন্তু নতুন গ্ৰাহকৰ বাবে এই সীমা মাত্ৰ ৫০০০ টকা।
• আইচিআইচিআই বেংকৰ গ্ৰাহকে ১০ হাজাৰ টকা পৰ্যন্ত ইউপিআই লেনদেন কৰিব পাৰিব, কিন্তু গুগল পে ব্যৱহাৰকাৰীৰ বাবে এই সীমা ২৫ হাজাৰ টকা।
• বেংক অৱ বৰোদাৰ গ্ৰাহকে ২৫ হাজাৰ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।
• ইয়াৰ উপৰিও এক্সিছ বেংকৰ গ্ৰাহকে ১ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।

উল্লেখযোগ্য  যে এতিয়া আৰ বি আইয়ে ইউ পি আই পেমেণ্টৰ সন্দৰ্ভত নতুন পৰিকল্পনা কৰিছে। দেশৰ থাৰ্ড পাৰ্টি এপ প্ৰভাইডাৰ (টিপিএপি)ৰ ভলিউম কেপ ৩০ শতাংশলৈ সীমিত কৰাৰ প্ৰস্তুতি চলাইছে নেশ্যনেল পেমেণ্ট কৰ্প’ৰেশ্যনে। এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা চলি আছে। আৰ বি আইৰ অনুমোদনৰ পিছতহে ফোন পে, গুগল পে আৰু পেটিএমৰ দৰে কোম্পানীয়ে ইয়াৰ সীমা নিৰ্ধাৰণ কৰিব পাৰিব, যাৰ বাবে গ্ৰাহকে আৰম্ভণিতে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যদিও ইয়াৰ ওপৰত কিমান সীমা আৰোপ কৰা হ’ব, তথাপিও এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?