--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেতিয়াবা কেতিয়াবা কোনো বিশেষ কাৰণ নোহোৱাকৈ আমি দুখী অনুভৱ কৰো নেকি?  বা কেতিয়াবা কেতিয়াবা আমাৰ মনত অস্থিৰতাই বিৰাজ কৰে নেকি? ইয়াৰ আঁৰত কি বিশেষ কাৰণ থাকিব পাৰে বা কেতিয়াবা এনে কিছুমান পৰিস্থিতি বা প্ৰশ্নই আমাক অস্থিৰ কৰি তোলে যে কোনো সুদুত্তৰ বিচাৰি নোপোৱাৰ ফলতেই আমাৰ মনটোৱে দুখী অনুভৱ কৰে। কিন্তু ইয়াৰ আঁৰত কিছুমান গুৰুতপূৰ্ণ কাৰণো থাকিব পাৰে বুলি হয়তো আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰো। আপুনিও যদি এনে পৰিস্থিতিৰ প্ৰায়ে সন্মুখীন হৈ থাকে, তেন্তে ইয়াৰ আঁৰত কি বিশেষ কাৰণ থাকিব পাৰে এই বিষয়ে জানো আহক।

১. মানসিক অৱসাদ : শৰীৰটোৱে যেনেকৈ মাজে মাজে ভাগৰুৱা অনুভৱ কৰে, ঠিক তেনেদৰে বহু সময়ত মানুহ মানসিকভাৱেও ভাগৰুৱা অনুভৱ কৰিব পাৰে। কেতিয়াবা এনে হয় যে এজন ব্যক্তিয়ে দৈনন্দিন কৰ্মৰ হেঁচাত, দায়িত্বৰ বোজাত বা জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হয়। তেনে পৰিস্থিতিত মনটোৱে কেতিয়াবা কেতিয়াবা ভাগৰুৱা অনুভৱো কৰে। এই মানসিক অৱসাদে লাহে লাহে ব্যক্তিজনৰ মন আৰু মগজুক প্ৰভান্বিত কৰাৰ ফলতেই মনটোৱে দুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

২. টোপনিৰ অভাৱ আৰু অস্বাস্থ্যকৰ জীৱনশৈলী : পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱা বা ভুল জীৱনশৈলীয়ে কিছু পৰিমাণে হ'লেও মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। আমি জানো যে টোপনিয়ে মানসিক স্বাস্থ্যক সুষম কৰি ৰাখে। যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাযায় তেন্তে মানসিক ভাৰসাম্যতাত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত হতাশাৰ দৰে গুৰুতৰ মানসিক ৰোগৰ আশংকাও হ’ব পাৰে। ইয়াৰ উপৰি অস্বাস্থ্যকৰ জীৱনশৈলী, ব্যায়ামৰ অভাৱ আৰু অত্যধিক স্ক্ৰীণ টাইম ব্যৱহাৰে এজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে, যাৰ ফলত এজন ব্যক্তিয়ে অসুখী অনুভৱ কৰিব পাৰে।

৩. নেতিবাচক চিন্তা আৰু আত্মসমালোচনা : এজন ব্যক্তিয়ে সকলো সময়তে নেতিবাচক চিন্তা কৰে আৰু বাৰে বাৰে নিজকে তুচ্ছজ্ঞান কৰে, নিজৰ সিদ্ধান্ত, নিজৰ বিষয়ে অনুশোচনা কৰি থাকে বা প্ৰতিটো পৰিস্থিতিত নিজকে ভুল বুলি অনুভৱ কৰি থাকে, তেন্তে এই অভ্যাসে লাহে লাহে এজন ব্যক্তিৰ আত্মবিশ্বাস নোহোৱা কৰাৰ লগতে নেতিবাচক চিন্তাই ব্যক্তিজনক নিঃশেষ কৰি তোলাৰ ফলতেই এজন ব্যক্তিয়ে দুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰে।

৪. পুৰণি কোনো নেতিবাচক স্মৃতি বা ঘটনা-পৰিঘটনা : বহু সময়ত শৈশৱৰ কোনো স্মৃতি বা ঘটনা-পৰিঘটনা চিৰদিনৰ বাবে কিছু লোকৰ হৃদয়ত থাকে। এই আৱেগবোৰে কিছু সময়ত ব্যক্তিজনৰ মনগহ্বৰত শূন্যতা আৰু দুখৰ নৈৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলতো কেতিয়াবা আমিও গম নোপোৱাকৈয়ে দুখী অনুভৱো কৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?