ডিজিটেল ডেস্কঃ গৰমৰ দিনত কুঁহিয়াৰৰ ৰসে মানুহক বৰ সকাহ দিয়ে। মিঠা মিঠা কুঁহিয়াৰ ৰস সকলো মানুহৰে বৰ প্ৰিয়। ভাৰতত অধিক পৰিমাণে কুঁহিয়াৰ উৎপাদন হয়। ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষে লাভদায়ক বহুতো তত্ত্ব থাকে। ইয়াৰ ভিতৰত কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, ক'পাৰ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটেছিয়াম আৰু জিংক উল্লেখযোগ্য।ইয়াৰ উপৰি ইয়াত ভিটামিন-এ,বি-1,বি-2,বি-3,বি-5,বি-6 আৰু ভিটামিন-চিৰ লগতে এণ্টি-অক্সিডেণ্ট, প্ৰ’টিন আৰু খাদ্য পাচক ফাইবাৰো উপলব্ধ। কুঁহিয়াৰ ৰসত বহু মানুহেই নেমুৰ ৰস, বৰফ, পদিনা দি খাই ভাল পায়।

১)গৰমৰ দিনত ইয়াক পান কৰিলে অতি সোনকালে শক্তি পোৱা যায়। ভাগৰ ভাৱ দূৰ হয়।
২)কুঁহিয়াৰৰ ৰস গ্লুক’জৰ অতি ভাল উৎস, যাৰ বাবে ই শৰীৰক হাইড্রেট কৰি ৰখাৰ লগতে এনাৰ্জী বুষ্টাৰৰ কাম কৰে।
৩)ডায়েবেটিছৰ পৰা দূৰত ৰাখে।
৪)কুঁহিয়াৰৰ ৰস পানে কেন্সাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰি ৰাখে।

৫)কিডনী সুৰক্ষিত কৰি ৰাখে। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটী আৰু জ্বলন সমস্যাবোৰ কুঁহিয়াৰৰ ৰস পান কৰি দূৰ কৰিব পাৰে।
৬)এন্টি-অক্সিডেণ্টৰ কাম কৰে। যিয়ে বিভিন্ন প্রকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সবল কৰি ৰাখে।
৭)খাদ্যৰ পাচন ঠিক ৰাখে। পেটৰ বিভিন্ন প্রকাৰৰ ইনফেকচনৰ পৰা বচোৱাৰ লগতে তাক কেন্সাৰ, গেছ বদহজম, পেটৰ জ্বলন আদি সমস্যাৰ পৰাও দূৰত ৰাখে।
৮)দাঁতৰ সমস্যা দূৰ কৰে। মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰৰ ৰস অতি উপযোগী।
৯)নখসমূহ মজবুত কৰি ৰাখে।

১১)জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্রয়োজনীয়।
১২)কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।
১৩)কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে।
১৪)কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণে আইৰণ থাকে। ৰক্তহীনতাত ভুগা মানুহে কুঁহিয়াৰ ৰস খালে যথেষ্ট উপকাৰ লাভ কৰে।
গৰমত প্ৰায়ে মানুহে দেশী-বিদেশী ক’ল্ড ড্ৰীংকছ পান কৰে। কিন্তু ক’ল্ড ড্ৰীংকছে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰে। গৰমত কুঁহিয়াৰ ৰস খালে শৰীৰৰ লগতে মনো যথেষ্ট সতেজ হয়। আনহাতে কুঁহিয়াৰ ৰস খালে আমাৰ শৰীৰৰ বহু উপকাৰো হয়। গতিকে কোনো পেকেট জুচ বা ক’ল্ড ড্ৰীংকছ পান কৰাতকৈ সদায় এগিলাচ কুঁহিয়াৰৰ ৰস পান কৰা অতি লাভদায়ক।