--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বৰ সকলো দেশে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সমানুপাতিক শুল্ক নীতি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে ব্যস্ত থকাৰ সময়তে আমেৰিকাই সংগোপনে ইয়াৰ বৃহৎসংখ্যক সামৰিক শক্তি ভাৰত মহাসাগৰীয় আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় সামুদ্রিক এলেকাত মোতায়েন কৰিছে। ভাৰত মহাসাগৰীয় এলেকাত বি-২ বোমাৰু বিমান মোতায়েন কৰিবলৈ পেন্টাগনে ইতিমধ্যে আদেশ দিছে মার্কিন সেনাক। 

য়েমেনত কেইবাজনো হুথী সন্ত্রাসদাসীক হত্যা কৰা এটা সামৰিক বিমান আক্ৰমণৰ দৃশ্য শনিবাৰে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে শ্বেয়াৰ কৰাৰ পাছতেই আমেৰিকাই ভাৰত মহাসাগৰৰ এটা দুর্গম দ্বীপ ডিয়েগ' গাছিয়ালৈ ছখনকৈ বি-২ যুদ্ধ বোমাৰু বিমান প্ৰেৰণ কৰে। য়েমেনৰ হুথী বিদ্রোহীক লগতে ইৰানক লক্ষ্য কৰি এই যুঁজাৰু বিমানসমূহ আমেৰিকাই মোতায়েন কৰিছে বুলি যুদ্ধ বিশেষজ্ঞসকলে আশংকা কৰিছে। ইৰানৰ উপকূলীয় অঞ্চলৰ ২৪০০ মাইল দূৰত্বত 'ঘোষ্ট অব দ্য স্কাই' নামেৰে পৰিচিত বিশ্বৰ অন্যতম শেহতীয়া যুদ্ধ বিমানসমূহ আমেৰিকাই প্ৰেৰণ কৰাক লৈ অশান্ত মধ্যপ্রাচ্যত উত্তেজনা অধিক বৃদ্ধি পাইছে। ডিয়েগ' গাচিয়া দ্বীপপুঞ্জৰ বিমানঘাটিত ছখন বি-২ যুদ্ধ বোমাৰু বিমান মোতায়েন কৰাৰ দৃশ্য ইতিমধ্যে ছেটেলাইটৰ ছবিত ধৰা পৰিছে। 

এই বি-২ যুদ্ধ বোমাৰু বিমানবোৰ অধিক শক্তিশালী। ইয়াৰ এখন বিমানৰ দাম ২ বিলিয়ন ডলাৰ। এই যুদ্ধ বিমানে আকাশী প্ৰতিৰক্ষা কৰাৰ লগতে ৰাডাৰ হিচাপেও কাম কৰে। এই বি-২ যুদ্ধ বিমানে বিশ্বৰ যিকোনো ঠাইৰ লক্ষ্য ভেদ কৰি পুনৰ ঘাটিলৈ ঘুৰি আহিব পাৰে আৰু আকাশৰ মাজতে পুনৰ ইন্ধন ভৰাব পাৰে। ইৰানে পাৰমাণৱিক চুক্তি নকৰিলে ইৰানত প্ৰচণ্ড বোমা বর্ষণ কৰা হ'ব বুলি কেইদিনমান পূর্বে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাবুকি দিয়াৰ পাছতে এই মার্কিন সামৰিক ৰণচালিয়ে মধ্য প্রাচ্যত পুনৰ এক যুদ্ধৰ আগজাননী দিছে। তদুপৰি ইৰান-সমর্থিত হুথী সন্ত্রাসবাদীকো ট্রাম্পে লক্ষ্য কৰি আক্ৰমণ কৰিয়েই আছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?