--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বৃহস্পতিবাৰে 'এটা বৃহৎ ঘোষণা' সংক্ষিপ্তকৈ জাৰি কৰে। 

আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে কয় যে তেওঁ 'এখন বৃহৎ সন্মানীয় দেশৰ' সৈতে এখন 'গুৰুত্বপূর্ণ বাণিজ্য চুক্তি' কেইদিনমানৰ পাছত ঘোষণা কৰিব। বিশ্বৰ দুই শক্তিধৰ দেশ চীন আৰু আমেৰিকাৰ মাজত বৃহৎ শুল্ক যুদ্ধৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই সংক্ষিপ্ত ঘোষণাই যথেষ্ট তাৎপর্য বহন কৰিছে।

বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱা দুয়োখন দেশৰ মাজৰ বাণিজ্য যুদ্ধখন প্রশমিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া প্ৰথমটো পদক্ষেপৰ অংশ হিচাপে আমেৰিকা আৰু চীনৰ প্ৰতিনিধি ছুইজাৰলেণ্ডত চলিত সপ্তাহৰ অন্তত মিলিত হ'ব আৰু ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই সংক্ষিপ্ত ঘোষণা লক্ষণীয় হৈ 'এখন ডাঙৰ সংবাদমেল' অনুষ্ঠিত হ'ব। 

ৰাষ্ট্ৰপতি ট্রাম্পে কয়, 'শুকুৰবাৰে পুৱা ১০ বজাত তেওঁৰ টুথ ছ'চিয়েল প্লেটফর্মত কয় যে এখন বৃহৎ তথা উচ্চ সন্মানীয় দেশৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি কৰাৰ দিশত অ'ভেল অফিচ উদ্বিগ্ন হৈ আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে নিজকে এজন দৰ-দামত পাকৈত বুলি বহুবাৰ কৈ আহিছে আৰু বিশ্বৰ কেইবাখনো দেশৰ সামগ্ৰীত অধিক শুল্ক আৰোপ কৰি বিশ্বজনীন বাণিজ্য বজাৰ ব্যাহত কৰি তুলিছিল। ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পে স্পষ্টকৈ নাম নক'লেও আওপকীয়াকৈ চীনৰ সৈতে বাণিজ্য চুক্তি কৰাৰ ইংগিত দিছে। 

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে চীনৰ বিষয়ত কৰা সংক্ষিপ্ত ঘোষণাটোৰ পূর্বে কিন্তু আমেৰিকাৰ প্ৰশাসনে ভাৰত, ব্রিটেইন, দক্ষিণ কোৰিয়া আৰু জাপানৰ সৈতেহে প্রথমে বাণিজ্য চুক্তি কৰিব বুলি ঘোষণা কৰিছিল আৰু শীঘ্ৰেই দেশকেইখনৰ লগত বাণিজ্য চুক্তি কৰিব বুলি ৰাষ্ট্ৰপতি ট্রাম্পেও ঘোষণা কৰিছিল। 

উল্লেখযোগ্য যে আমেৰিকা-চীনৰ বাণিজ্য চুক্তিৰ বাবে আলোচনা কৰিবলৈ মার্কিন ট্ৰেজাৰী সচিব স্কট বেছান্ত আৰু মুখ্য বাণিজ্য আলোচক জেমিয়েচন গ্রীডে চীনৰ অৰ্থনীতিবিদ হে লাইফেঙৰ সৈতে ছুইজাৰলেণ্ডৰ জেনেভাত চলিত সপ্তাহৰ অন্তত মিলিত হ'ব। দুয়োখন দেশে পাৰস্পৰিকভাৱে সমানুপতিক শুল্ক ধাৰ্য কৰাৰ পাছত সৃষ্টি হোৱা বিশ্বজনীন অর্থনৈতিক উত্তেজনা এই আলোচনাই প্রশমন কৰিব বুলি ধাৰণা কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?