ডিজিটেল ডেস্কঃ তামিলনাডুৰ নাগা পাট্টিনাম জিলাৰ ৩০ জনতকৈও অধিক মাছমৰীয়াই কৰোমণ্ডল উপকূলত মাছ মাৰি থাকোঁতে শ্রীলংকাৰ এদল জলদস্যুৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে।
১৭জন মাছমৰীয়া এই আক্রমণত আঘাতপ্রাপ্ত হয়। এখন স্পীডবোটত অহা ৬জন লোকে চোকা অস্ত্ৰৰে মাছমৰীয়াকেইজনক আক্রমণ কৰে বুলি ভুক্তভোগীসকলে জনায়।
আক্রমণকাৰীসকলে প্রায় ১০ লাখ টকা মূল্যৰ সামগ্রীও চুৰ কৰি নিয়ে। আহত মাছমৰীয়াসকলক চিকিৎসালয়ত ভর্তি কৰোৱা হয়।
উৎসঃ দৈনিক জনমভূমি