--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ ৰপ্তানিত ভাৰতে এতিয়া বিশ্বৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ভাৰতে শ্রীলংকাক পিছ পেলাই দ্বিতীয় স্থান অধিকাৰ কৰে। ভাৰতীয় চাহ ব'র্ডে এই কথা প্ৰকাশ কৰিছে। ব'ৰ্ডে  প্ৰকাশ কৰা অনুসৰি ভাৰতে যোৱা বছৰ ২৫.৫ কোটি কিল'গ্রাম চাহ ৰপ্তানি কৰে।

চাহ ৰপ্তানিত কেনিয়া বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছে। বিশ্বত ভূৰাজনৈতিক উত্তেজনা চলি থকা সত্ত্বেও ভাৰতে ২০২৪ বর্ষত বিগত ১০ বছৰৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ চাহ ৰপ্তানি কৰে। এই বছৰটোত ভাৰতে চাহপাত ৰপ্তানি কৰি ৭১১১ কোটি টকা উপাৰ্জন কৰে। উল্লেখযোগ্য যে ২০২৩ বৰ্ষত ভাৰতে ২৩.১৬ কোটি কিল'গ্রাম চাহপাত ৰপ্তানি কৰে আৰু ইয়াৰ পৰা ৬,১৬১ কোটি টকা উপার্জন কৰিছিল।

যোৱা বছৰ চাহ ৰপ্তানিৰ হাৰ ১০% বৃদ্ধি পায়। ২০২৪ বর্ষত অসম আৰু পশ্চিম বংগই ১৫.৫ কোটি কিল'গ্রাম চাহপাত ৰপ্তানি কৰে। ইয়াৰ পৰা উপাৰ্জন কৰে ৪,৮৩৩ কোটি টকা। আনহাতে, দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে ৯.৯৮ কোটি কিল'গ্রাম চাহপাত ৰপ্তানি কৰি ২,২৭৮ কোটি টকা উপার্জন কৰে। চাহ ৰপ্তানিত অসম আৰু পশ্চিম বংগৰ অৱদান আছিল ৬০.৭৯%। ভাৰতে বিশ্বৰ ২৫খনতকৈও অধিক দেশলৈ চাহ ৰপ্তানি কৰে। 

ভাৰতৰ চাহপাত সংযুক্ত আৰব আমিৰাট, ইৰাক, ইৰান, আমেৰিকা আৰু ব্রিটেইনলৈ সর্বাধিক পৰিমাণৰ ৰপ্তানি কৰা হয়। শ্রীলংকাত চাহৰ উৎপাদন হ্রাস পোৱাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলে পশ্চিম এছিয়াৰ বজাৰত সুযোগ লাভ কৰে।

 উল্লেখযোগ্য যে বিশ্বৰ মুঠ ৰপ্তানিৰ প্ৰায় দহ শতাংশ চাহপাত ভাৰতৰ। বিশ্বত অসম, দার্জিলিং আৰু নিলগিৰিৰ চাহপাতৰ বিশেষ সুনাম আছে। ভাৰতৰ পৰা 'ব্লেক টী' সর্বাধিক পৰিমাণে (প্রায় ৯৬%) ৰপ্তানি কৰা হয়। ইয়াৰ উপৰি চি টি চি, গ্রীন 'টী, হার্বল চাহ, - মছলা চাহ, লেমন টীও বিদেশলৈ প্ৰেৰণ কৰা হয়। এতিয়া দেশৰ মুঠ, চাহপাত উৎপাদনত ক্ষুদ্র চাহ খেতিয়কে বৃহৎ অৱদান আগবঢ়াইছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?