--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ বৃহস্পতিবাৰে দিল্লীৰ এইমছত দেহাৱসান ঘটে। হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ১৯ আগষ্টত এইমছত ভৰ্তি কৰোৱা হৈছিল য়েচুৰিক, য’ত তেওঁ আই চি ইউত চিকিৎসাধীন হৈ আছিল

সীতাৰাম য়েচুৰী আছিল ভাৰতীয় বাওঁপন্থী ৰাজনীতিৰ এক বিশিষ্ট মুখ। ১৯৫২ চনৰ ১২ আগষ্টত তামিলনাডুৰ ৰাজধানী চেন্নাইৰ এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তেওঁ। ফাদাৰ এছএছ য়েচুৰী অন্ধ্ৰ প্ৰদেশ পৰিবহণ বিভাগৰ অভিযন্তা আছিল। মা কল্পকাম য়েচুৰী আছিল চৰকাৰী কৰ্মচাৰী।

হায়দৰাবাদত ডাঙৰ-দীঘল হৈছিল য়েচুৰী। হায়দৰাবাদৰ অল চেণ্টছ হাইস্কুলৰ পৰা প্ৰাথমিক অধ্যয়ন সম্পূৰ্ণ কৰে। ইয়াৰ পিছত ১৯৬৯ চনত তেওঁ অধ্যয়নৰ বাবে দিল্লীলৈ যায়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি বিদ্যালয়ত নামভৰ্তি লয়। সীতাৰামে দ্বাদশ পৰীক্ষাত সমগ্ৰ ভাৰতত শীৰ্ষস্থান দখল কৰিছিল।

তাৰ পিছত দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জে এন ইউতেই পিএইচডিত নামভৰ্তি কৰে কিন্তু ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাত জেললৈ যোৱাৰ বাবে পিএইচডি সম্পূৰ্ণ কৰিব নোৱাৰিলে।

ৰাজনৈতিক যাত্ৰা


সীতাৰাম য়েচুৰীয়ে ১৯৭৪ চনত ভাৰতীয় ছাত্ৰ ফেডাৰেচনত যোগদান কৰে। ১৯৭৫ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে।এবছৰত তিনিবাৰকৈ তেওঁ জেএনইউ ছাত্ৰ সংঘৰ সভাপতি নিৰ্বাচিত হয়। সীতাৰাম য়েচুৰী আছিল কেৰেলা বা বংগৰ বাসিন্দা নোহোৱা এছএফআইৰ প্ৰথমজন সভাপতি । ১৯৮৪ চনত চিপিআই-এমৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হয়। ১৯৮৬ চনত তেওঁ এছএফআই এৰি থৈ যায়।


১৯৯৬ চনৰ লোকসভা নিৰ্বাচনৰ পিছত দেশৰ ৰাজনীতিত পুনৰবাৰ আৰম্ভ হ’ল মিত্ৰজোঁটৰ যুগ। সেই সময়ত সীতাৰাম য়েচুৰীয়ে ইউনাইটেড ফ্ৰণ্ট চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, কাৰণ সেই নিৰ্বাচনত বাওঁপন্থীৰ ৫০ জনতকৈ অধিক সদস্য নিৰ্বাচিত হৈ সংসদত উপস্থিত হৈছিল।


সীতাৰাম য়েচুৰীয়ে ৰাজনীতিত লাহে লাহে সক্ৰিয় হৈ পৰিছিল। তাৰ পিছত ১৯৭৫ চনত তেওঁ জেললৈ যাবলগীয়া হয়। জেলৰ পৰা উভতি অহাৰ সময়ত তেওঁ আত্মগোপন কৰি দেশৰ গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে যুঁজ দিছিল। এইটোৱেই আছিল তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট। এই সময়তে তেওঁৰ ৰাজনৈতিক সক্ৰিয়তা আৰু কমিউনিষ্ট মতাদৰ্শৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছিল।

২০২১ চনত কৰ’না মহামাৰীৰ সময়ত সীতাৰাম য়েচুৰীৰ ৩৪ বছৰীয়া পুত্ৰ আশীষ য়েচুৰীৰ মৃত্যু হৈছিল। য়েচুৰীৰ পত্নী সীমা চিষ্টি পেছাত এগৰাকী সাংবাদিক। সীতাৰামে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ পত্নী সীমা চিষ্টীয়ে তেওঁক আৰ্থিকভাৱে সহায় কৰি আছে।


উল্লেখ্য যে সীমা চিষ্টী সীতাৰাম য়েচুৰীৰ দ্বিতীয় পত্নী। তেওঁৰ প্ৰথম বিবাহ বাওঁপন্থী কৰ্মী তথা নাৰীবাদী ড° বীনা মজুমদাৰৰ কন্যা ইন্দ্ৰাণী মজুমদাৰৰ সৈতে হৈছিল। তেওঁলোকৰ অখিলা য়েচুৰী নামৰ এজনী কন্যা আৰু আশীষ য়েচুৰী নামৰ এজন পুত্ৰ আছিল।২০২১ চনৰ কৰ’না মহামাৰীত আশীষৰ মৃত্যু হয় ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?