--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুঝে ভুলা দিয়া, বিন তেৰে, মেহেৰবান আদি জনপ্ৰিয় গীতত কণ্ঠদান কৰা গায়ক তথা সুৰকাৰ শেখৰ ৰৱজিয়ানীয়ে শেহতীয়াকৈ এক ডাঙৰ কথা প্ৰকাশ কৰিছে। শেখৰ ৰৱজিয়ানীয়ে বিশাল দাদলানীৰ সৈতে যুটি বান্ধি বহুতো জনপ্ৰিয় গীত উপহাৰ দিছে। তেওঁলোকৰ যুটিটো 'বিশাল-শেখৰ' নামেৰে জনাজাত।

কিন্তু এনে এটা সময় আহিছিল যেতিয়া শেখৰে হেৰুৱাইছিল কণ্ঠ। শেহতীয়াকৈ শেখৰে প্ৰকাশ কৰিছে যে এই ঘটনাত তেওঁ বিধ্বস্ত হৈ পৰিছিল। তেওঁ ভাবিছিল যে জীৱনত আৰু কেতিয়াও গান গাব নোৱাৰিব।

শেখৰ ৰৱজিয়ানীয়ে ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে জীৱনৰ এই বেয়া সময়খিনি মনত পেলাইছে। তেওঁ লিখিছে, ''এই বিষয়ে মই আগতে কেতিয়াও কোৱা নাই, কিন্তু মই অনুভৱ কৰিলোঁ যে মই এই বিষয়ে কথা পতা উচিত। ২ বছৰ আগতে মোৰ মাতটো হেৰাই গৈছিল। মোৰ কণ্ঠৰ পক্ষাঘাত হৈছিল, যিটো ডাঃ নুপুৰ নেৰুকাৰে ধৰা পেলাইছিল। মই বিধ্বস্ত হৈ পৰিলোঁ। সঁচাকৈয়ে মই নিৰাশাবাদী হৈ পৰিছিলোঁ। মই ভাবিছিলো যে জীৱনত আৰু কেতিয়াও গান গাব নোৱাৰিম।''

গায়কে আৰু লিখিছে, ''মোৰ পৰিয়ালটো চিন্তিত হৈছিল আৰু তেওঁলোকক চিন্তিত হোৱা দেখি মই সুখী হোৱা নাছিলো। আগতে মই বহুত প্ৰাৰ্থনা কৰিছিলোঁ। চেণ্ট ডিয়েগোত জেৰেমিক লগ পাইছিলো, তেওঁ মোক এজন দেৱদূতৰ সৈতে চিনাকি কৰাই দিছিল, যাৰ কথা মই পিছত উল্লেখ কৰিম। ডাঃ এৰিন ৱালছ – যাক মই Covid ৰ বাবে লগ কৰিব নোৱাৰিলোঁ, গতিকে তেওঁ মোৰ লগত Zoom call যোগে যোগ দিলে। মই চকুলো টুকি আকৌ গান গাবলৈ মন গৈছে বুলি কৈছিলোঁ। মই তেওঁক কিবা এটা কৰিবলৈ অনুৰোধ কৰিলোঁ। প্ৰথমতে তেওঁ মোক ক’লে যে মাত হেৰুৱা বাবে মই নিজকে দোষী অনুভৱ কৰা উচিত নহয়। তেওঁ মোক অতি আৰামদায়ক কৰি তুলিলে আৰু অলৌকিকভাৱে মোক আশ্বাস দিলে যে মই আকৌ গান গাব পাৰিম। যিটো আছিল প্ৰথম পদক্ষেপ।''

শেখৰে তেওঁৰ পোষ্টটোত আৰু লিখিছে, ''যেতিয়াই মই গান গাবলৈ চেষ্টা কৰিছিলো, মই মোৰ কৰ্কশ কণ্ঠস্বৰটোক ঘৃণা কৰিছিলো। কিন্তু তেওঁ মোৰ মাতটোৰ ওপৰত অবিৰতভাৱে কাম কৰি থাকিল। তেওঁৰ নিষ্ঠাৰ বাবে এসপ্তাহৰ ভিতৰতে মোৰ কণ্ঠৰ পক্ষাঘাত আঁতৰি গ’ল আৰু মোৰ মাতটো স্বাভাৱিক হ’বলৈ ধৰিলে। এতিয়া মই সম্পূৰ্ণ ভালেই আছো আৰু আগৰ তুলনাত ভালকৈ গান গাব পাৰিছো। এই পৃথিৱীত মোৰ দেৱদূত হোৱাৰ বাবে ধন্যবাদ এৰিন ৱালছ।''

শেখৰৰ বন্ধু তথা সহযোগী সুৰকাৰ বিশাল দাদলানীয়ে কমেণ্টত লিখিছে, ''এই কাম কৰা মই দেখিছোঁ। ভয়ৰ মাজতে আপুনি এই বিষয়ত কাম কৰি আছিল। ইয়াৰ বাবে প্ৰয়োজন এক বেলেগ ধৰণৰ সাহস। মই এতিয়াও দেখিছোঁ আপুনি আপোনাৰ কণ্ঠ আৰু মানসিক স্বাস্থ্যৰ যত্ন কেনেকৈ লৈ আছে। স্পষ্টভাৱে মইও ইয়াৰ পৰা শিকিছোঁ।''
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?