--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা৷ ওমদুৰমান চহৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে চুডানৰ এখন সামৰিক বিমান। বুধবাৰে সামৰিক আৰু স্বাস্থ্য বিষয়াসকলে এক চমু বিবৃতিত জনোৱা মতে, মঙলবাৰে ওমদুৰমানৰ উত্তৰ দিশৰ ৱাডি ছায়েদনা বিমানঘাটিৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় এণ্টন’ভ বিমানখন। ওমদুৰমান ৰাজধানী খাৰ্টুমৰ ভগ্নী চহৰ। মঙলবাৰে খাৰ্টুমৰ উপকণ্ঠ অঞ্চলত সংঘটিত এই ঘটনাৰ ফলত প্ৰায় ৪৬ জনলোকৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সেনাৰ বিবৃতি অনুসৰি এই দুৰ্ঘটনাত নিহত হৈছে সামৰিক জোৱান আৰু সাধাৰণ নাগৰিক। অৱশ্যে এই পৰ্যন্ত কিমানজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে সেয়া প্ৰকাশ কৰা হোৱা নাই। কিহৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে সেই কথাও কোৱা হোৱা নাই।

ইফালে, স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে, যাৰ মৃতদেহ ওমদুৰমানৰ নাউলৈ স্থানান্তৰ কৰা হৈছে। দুজন কণমানি ভাই-ভনীকে ধৰি পাঁচজন আহত সাধাৰণ নাগৰিককো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, ২০২৩ চনৰ পৰা চুডান সেনাই আৰ এ এফৰ সৈতে যুদ্ধ কৰি আহিছে। শেহতীয়াকৈ চুডানৰ কেইবাখনো চহৰ আৰু নগৰ আৰ এ এফৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিছে সেনাই। দুবছৰ ধৰি আৰ এ এফে দখল কৰি ৰখা মুখ্য চহৰ এল-ওবেইদকো মুক্ত কৰে চুডান সনাই। যাৰ পাছত ৰাজপথত একাংশ জনতাই বিজয় উদযাপন কৰা দেখা গৈছে। উত্তৰ কৰ্ডোফান ৰাজ্যৰ ৰাজধানীখন খাৰ্টুমক দাৰফুৰৰ সৈতে সংযোগ কৰা এক কৌশলগত কেন্দ্ৰ। এই ক্ষেত্ৰত শেহতীয়াকৈ লাভ কৰা বিজয়ে সংঘাতৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?