--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 5G ইণ্টাৰনেট ব্যৱহাৰ কৰা কোটি কোটি ভাৰতীয় গ্ৰাহকে বৃহৎ জোকাৰণিৰ সন্মুখীন হ’ব পাৰে। যদি আপুনি বিনামূলীয়াকৈ 5G ব্যৱহাৰ কৰে তেন্তে এই বছৰ এই অফাৰ শেষ হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে মানুহে 5G ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত ধন দিব লাগিব। দেশৰ দুটা বৃহৎ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে বন্ধ কৰিব পাৰে৷

এইবাৰ মোবাইল ৰিচাৰ্জ কৰা লোকৰ পকেটৰ ওপৰতো বোজা বাঢ়িব পাৰে। ইটিৰ প্ৰতিবেদন অনুসৰি নতুন ৰিচাৰ্জ প্লেনসমূহ বৰ্তমানৰ ৪জি ৰিচাৰ্জ হাৰৰ তুলনাত কমেও ৫-১০% ব্যয়বহুল হ’ব পাৰে।

২০২২ চনৰ অক্টোবৰ মাহত ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলে ভাৰতত 5G সেৱা আৰম্ভ কৰে। তেতিয়াৰ পৰা দুয়োটা কোম্পানীয়ে কেৱল বৰ্তমানৰ 4Gৰ দামত 5G ইণ্টাৰনেট সেৱা আগবঢ়াইছে। সীমাহীন 5G ডাটাৰ বাবে ব্যৱহাৰকাৰীৰ পৰা কোনো পৃথক চাৰ্জ লোৱা নহয়। কিন্তু এতিয়া বিশ্বাস কৰা হৈছে যে- বিনামূলীয়া আনলিমিটেড 5G ইণ্টাৰনেট অফাৰৰ যুগ হয়তো শেষ হ’ব।

দেশৰ দুয়োটা আগশাৰীৰ টেলিকম কোম্পানীয়ে সমগ্ৰ দেশতে 5G সেৱাৰ কভাৰেজ প্ৰদানৰ পৰিকল্পনা কৰিছে।বৰ্তমান সমগ্ৰ দেশতে প্ৰায় ১২.৫ কোটি 5G ব্যৱহাৰকাৰী আছে।

২০২৪ চনৰ শেষৰ ফালে ভাৰতত ৫জি ব্যৱহাৰকাৰীৰ সংখ্যা ২০ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ 5G প্লেন বৰ্তমানৰ 5G প্লেনতকৈ ৫-১০ শতাংশ ব্যয়বহুল হ’ব পাৰে। ইয়াৰ উপৰিও দুয়োটা কোম্পানীয়ে ৩০-৪০ শতাংশ অধিক ডাটা আগবঢ়াব পাৰে, যাতে মানুহে 5G সেৱা গ্ৰহণ কৰে আৰু বজাৰৰ অংশীদাৰিত্বও বৃদ্ধি পাব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?