--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডত তেওঁৰ উপস্থিতি এতিয়া সেৰেঙা। পিছে এসময়ত তেওঁৰ উপস্থিতি মানেই আছিল আলোড়ন, উত্তেজনা। বলীউডৰ ‘ হট গাৰ্ল’ মল্লিকাৰ কেৰিয়াৰত পিছে ‘কাহিনী আৰু কিচ্ছা’ৰ অভাৱ নাই। তেওঁৰ আৱেদনময়ী শৰীৰ ছবিৰ সাফল্যৰ বাবে ব্যৱহাৰ কৰিবলৈ প্ৰযোজক পৰিচালকে কি কি যে নকৰিছিল সেই কাহিনী প্ৰায়েই নিজমুখে সদৰি কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ ‘বিগত যৌৱনা’ এইগৰাকী তাৰকাই প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ কাহিনী। তেওঁক ‘হট’ বুলি দৰ্শকক পতিয়ন নিয়াবলৈ কোনো এজন প্ৰযোজকে তেওঁলৈ লৈ আহিছিল চাঞ্চল্যকৰ প্ৰস্তাৱ। হট মল্লিকাৰ ‘উষ্ণতা’ৰ উমান দিবলৈ হেনো সেই প্ৰযোজকে মল্লিকালৈ লৈ আহিছিল এটা অভাৱনীয় প্ৰস্তাৱ। তেওঁৰ ‘কমনীয় কঁকাল’ত ৰুটি সেকিব বিচাৰিছিল প্ৰযোজকজনে। The Love Laugh Live Show নামৰ অনু্ষ্ঠানটোত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে মল্লিকাই।


তেওঁ কয়, এটা গানৰ প্ৰযোজকজনে মোলৈ এটা প্ৰস্তাৱ লৈ আহিছিল। তেওঁ কৈছিল, এয়া খুব হট গান। গানটোত আপোনাকো হট বুলি প্ৰমাণ দিবলৈ মই এটা নতুন আইডিয়া লৈ আহিছোঁ। গানত অভিনয় কৰা আপুনিও যে হট সেইকথা কেনেকৈ দৰ্শকে বুজি পাব? মই দেখুৱাব খুজিছোঁ যে, আপোনাৰ কঁকালত মই ৰুটিও সেকিব পাৰোঁ। এই আইডিয়া আপোনাৰ কেনে লাগিছে? মল্লিকাই এই উদ্ভট আইডিয়া প্ৰত্যাখ্যান কৰিছিল আৰু গানটোত অভিনয় কৰাৰ পৰা বিৰত থকা বুলি প্ৰকাশ কৰে।

কিন্তু তেওঁ হাঁহিমুখে কয়, এই কথাটোত মই খুব আমোদ পাইছিলোঁ আৰু উদ্ভট হ’লেও খুব ‘অৰিজিনেল’ লাগিছিল। অৱশ্যে তেওঁ মহিলা এগৰাকী ‘হট’ বা আবেদনময়ী হোৱাৰ ধাৰণাটো ভাৰতীয় লোকৰ বাবে স্পষ্ট নহয় বুলিও অভিযোগ কৰে। আৱেদনময়ী বুলি বুজালে সঠিকভাৱে মানুহে বুজিবপৰা হোৱা নাই বুলিও তেওঁৰ অভিমত। ‘খোৱাহিছ’, ‘মাৰ্ডাৰ’ৰ দৰে ছবিত অভিনয় কৰি পৰিচিতি অৰ্জন কৰা অভিনেত্ৰীগৰাকীৰ অনস্ক্ৰীণ ব’ল্ড অবতাৰে তেওঁক বাস্তৱিক জীৱনটো বিপদত পেলাইছিল বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ সহ অভিনেতায়ো তেওঁৰ পৰা অনুচিত সুবিধা লাভৰ চেষ্টা কৰা বুলিও তেওঁ অভিযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?