--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা সিদ্ধাৰ্থ-কিয়াৰাই সামাজিক মাধ্যমৰ যোগেদি জনালে তেওঁলোকৰ এটি ভাল খবৰ ৷  তাৰকাদ্বয়ে জনালে তেওঁলোকৰ প্ৰথমটি সন্তানৰ আগমনৰ কথা ৷ এযোৰ উলৰ মোজা তেওঁলোক দুয়োৱে হাতত লৈ এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত ৷ ফটোখন আপলোড কৰা মাত্ৰেই শুভেচ্ছাবাণীৰে উপচি পৰিছে তেওঁলোকৰ সামাজিক মাধ্যম ৷

ইনষ্টাগ্ৰাম পোষ্টটোৱে তেওঁলোকৰ জীৱনৰ এই নতুন অধ্যায়ক লৈ দুয়োৰে উত্তেজনা বৰ্ণনা কৰিছে ৷ তেওঁলোকে লিখিছে,"আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ । অতি সোনকালে আহি আছে ।"  আনহাতে, চেলেব্ৰিটীসকলেও অনুৰাগীৰ সৈতে যোগ দি ছ’চিয়েল মিডিয়াত দম্পতীটোক অভিনন্দন জনাইছে । ৰকুল প্ৰীত সিং, নীনা গুপ্তা, সামান্থা ৰুথ প্ৰভু, আথিয়া শ্বেট্টী সকলোৱে হ’বলগীয়া অভিভাৱকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে ।


শ্বেৰশ্বাহৰ চিত্ৰগ্ৰহণৰ সময়ত সিদ্ধাৰ্থ আৰু কিয়াৰা প্ৰেমত পৰিছিল । ২০২১ চনৰ চলচ্চিত্ৰখন একেলগে তেওঁলোকৰ প্ৰথম প্ৰকল্প আছিল । ২০২২ চনত কৰণ জোহৰৰ শ্ব' কফি উইথ কৰণত সিদ্ধাৰ্থই তেওঁলোকৰ প্ৰেমকাহিনী সন্দৰ্ভত কৈছিল, "মই এক উজ্জ্বল আৰু সুখী ভৱিষ্যতৰ কল্পনা কৰি আছো । যদি তেওঁ থাকে, তেন্তে ভাল হ'ব ।" কিয়াৰাই এই সম্পৰ্কটো নিশ্চিত কৰি কৈছিল যে তেওঁলোক "বন্ধুতকৈ অধিক"।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?