--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মণিপুৰ : ঘৰৰ চোতালত হুকহুকাই কান্দি উঠিল টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী ভাৰোত্তোলক মণিপুৰৰ মীৰাবাঈ চানু। টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা একাংশ ট্ৰাকচালকৰ সন্ধানত আছিল মীৰাবাঈ। মণিপুৰত উপস্থিত হৈয়ে সেই ট্ৰাকচালকসকলক লগ পাবলৈ বিচাৰিছিল অলিম্পিক পদক জয়ীগৰাকীয়ে। অৱশেষত বৃহস্পতিবাৰে একাংশ চালক নংপক কাকচিঙত থকা মীৰাবাঈৰ ঘৰৰ সন্মুখত উপস্থিত হ’লহি।

ট্ৰাকচালকৰ মাজত উপহাৰ আৰু মিঠাই বিতৰণ কৰি হুকহুকাই কান্দিলে মীৰাবায়ে। তেওঁ ক’লে, 'এই ট্ৰাকচালকসকলৰ বাবেই দেশে অলিম্পিকত এটা পদক লাভ কৰিলে।' এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান মীৰাবায়ে আৰম্ভণিৰ সময়ছোৱাত অনুশীলনৰ বাবে নিতৌ ২৫ কিলোমিটাৰ দূৰৈৰ খুমান লাম্পাক ক্ৰীড়া প্ৰকল্পলৈ আহিবলগীয়া হৈছিল।

মীৰাবাঈৰ গাঁৱৰ ফালে বালি কঢ়িয়াবলৈ গৈছিল ট্ৰাকসমূহ। সেয়াই আছিল যোগাযোগৰ একমাত্ৰ মাধ্যম। অনুশীলন সামৰি এই ট্ৰাকবোৰতে সদায় ঘৰলৈ উভতিছিল মীৰাবাঈ। অলিম্পিকত পদক লাভ কৰাৰ পিছতে কৃতজ্ঞতা জনাবলৈ সেই অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল তেওঁ। ইয়াৰ বাবে ৰাজহুৱাকৈ আহ্বান জনাইছিল মীৰাবায়ে। অৱশেষত ট্ৰাকচালকসকল তেওঁৰ ঘৰলৈ আহিল। কাষৰ পৰা মীৰাবাঈক চালেহি, চুই চালে অলিম্পিকৰ পদকটো। যিটো পদকৰ ভেটি প্ৰতিষ্ঠা কৰাত তেওঁলোকৰো আছে অৰিহনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?