--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অব্যাহত আছে পুষ্পা ২ৰ সফলতাৰ ঢৌ৷ পুষ্পা ২ৱে বক্স অফিচত ভাঙিছে পূৰ্বৰ সকলো অভিলেখ। সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ছবিখনে। ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰা পাছতেই দৰ্শকৰ অভূতপূৰ্ব সমাদৰ লাভ কৰিছে ছবিখনে।

মুক্তি লাভ কৰাৰ ৮ দিনত আল্লু অৰ্জুনৰ ছবিখনে প্ৰভাসৰ ‘কল্কি’ ছবিখন অভিলেখ ভংগ কৰি পুষ্পা-২ ২০২৪ বৰ্ষৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে। 

হায়দৰাবাদত সংঘটিত এক অনাকাংক্ষিত ঘটনাৰ বাবে আইনী ৰোষত পৰি গ্ৰেপ্তাৰ হ’ব লগীয়া হয় অভিনেতাগৰাকী৷ আল্লু অৰ্জুনে এনে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবেই ক্ষোভিত হৈ পৰিছে অনুৰাগীসকল৷ অভনেতাগৰাকীৰ গ্ৰেপ্তাৰত অভিনেতাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ পিছতে নিম্ন আদালতে অভিনেতাজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও শেহতীয় খবৰ অনুসৰি অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰিছে অভিনেতা গৰাকীয়ে৷ 

অভিনেতাগৰাকীৰ গ্ৰেপ্তাৰ ঘটনাকলৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷বিৰোধী দল আৰু প্ৰবীণ নেতাইও আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধিতা কৰিছে।

অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰত তীব্ৰ গৰিহণা দি কয় যে আল্লু অৰ্জুনক বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা কৰাটো গ্ৰহণযোগ্য নহয়। ইফালে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক লৈ পুষ্পা ২ৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে ঘটনাটো দুৰ্ভাগ্যজনক আৰু শোকাৱহ আছিল। ইয়াৰ বাবে এজন ব্যক্তিৰ ওপৰত সকলোবোৰ দোষ জাপি দিয়াটো হতাশাজনক। আৰু এইয়া অবিশ্বাস্য আৰু দুখজনক বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?