ডিজিটেল ডেস্কঃ স্কুললৈ যাবলৈ কোৱাৰ বাবেই পুত্ৰই হত্যা কৰিলে মাতৃক। উত্তৰ প্ৰদেশৰ গোৰখপুৰত এজন পুত্ৰই হত্যা কৰিছে মাতৃক। এগৰাকীৰ বিজ্ঞানীৰ নাবালক পুত্ৰই মাতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ৩ ডিচেম্বৰত আৰতি বাৰ্মাৰ মূৰ বেৰত খুন্দা মৰাৰ ফলত মৃত্যু হয়। একাদশ শ্ৰেণীত অধ্যয়ন কৰা আৰতিৰ পুত্ৰই দাবী কৰে যে আকস্মিকভাৱে পৰি মাতৃৰ মৃত্যু হয়। অৱশ্যে পুত্ৰৰ এই বক্তব্যত বিশ্বাস নকৰিলে আৰক্ষীয়ে। সন্দেহজনক হৈ পৰাৰ পিছত আৰক্ষীয়ে কঠোৰভাৱে জেৰা কৰিলে আৰু সত্য ওলাই পৰিল। আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱে কয়, ‘দুঘণ্টা ধৰি জেৰাৰ অন্তত কিশোৰজনে স্বীকাৰ কৰে যে তেওঁ কাজিয়াৰ সময়ত মাকক ঠেলি দিছিল, যাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল।’
আৰতিৰ স্বামী ৰাম মিলন এজন বিজ্ঞানী। তেওঁ চেন্নাইৰ ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ সহকাৰী বিজ্ঞানী। তেওঁ চাৰিদিনৰ পাছতহে পত্নীৰ মৃত্যুৰ কথা জানিব পাৰিছিল। দুদিন ধৰি পত্নীৰ ফোন চুইচ অফ থকাত তেওঁ ঘৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, সন্ধিয়া স্বামী গোৰখপুৰলৈ উভতি আহি পত্নীৰ মৃতদেহ মজিয়াত পৰি থকা দেখিছিল।
ইয়াৰ পিছত তেওঁলোকৰ পুত্ৰক শিৱ মন্দিৰৰ ওচৰত পোৱা যায় আৰু তেওঁ প্ৰথমে পিতৃ আৰু আৰক্ষীক কয় যে তেওঁৰ মাতৃৰ মৃত্যু হৈছে পৰি যোৱাৰ বাবে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি দেখে যে কোনো বাহিৰৰ লোক ঘৰত প্ৰৱেশ কৰা নাছিল।
শ্ৰীবাস্তৱে কয় যে ‘সোধা-পোছাৰ সময়ত ল’ৰাজনে মঙলবাৰে সন্ধিয়া স্বীকাৰ কৰে যে ৩ ডিচেম্বৰৰ পুৱা মাকে তেওঁক স্কুললৈ যাবলৈ কৈছিল। তেওঁ নাকচ কৰাত টকাক লৈ বিবাদ হ’ল আৰু মাকে খঙত পুতেকৰ ওপৰত নগদ ধন নিক্ষেপ কৰিলে। এই কথাত ক্ষুব্ধ হৈ ল’ৰাটোৱে মাকক ঠেলি দিলে আৰু মাতৃৰ মৃত্যু হ’ল। আৰক্ষীয়ে জনোৱা মতে, কোঠাটোত ১০০ টকা, ২০০ টকা আৰু ৫০০ টকাৰ নগদ ধনৰ বৃহৎ পৰিমাণৰ নোটো উদ্ধাৰ কৰা হৈছে।