--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলী হিন্দু ধৰ্মৰ এক অন্যতম উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হয়। এই বছৰো ২৪ অক্টোবৰত সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰা হ’ব। এই দীপাৱলীৰ নিশা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। লগতে মা লক্ষ্মীৰ আটাইতকৈ প্ৰিয় দক্ষিণমুখী শংখক উপাসনা কৰিলে দেৱী অতি সন্তুষ্ট হয় বুলি আমাৰ সমাজত বিশ্বাস আছে। এনে কৰিলে লক্ষ্মী দেৱী ঘৰত স্থায়ীভাৱে বাস কৰে বুলি বিশ্বাস আছে।

উল্লেখ্য যে, ভগৱান বিষ্ণু, মা লক্ষ্মী আৰু দেৱী দুৰ্গাৰ হাতত সজ্জিত শংখটোক দক্ষিণমুখী শংখ বুলি কোৱা হয়। যি শংখৰ মুখ দক্ষিণ অংশৰ ফালে খোলে, সেই শংখটোক দক্ষিণমুখী শংখ বুলি কোৱা হয়। মা লক্ষ্মী আৰু দক্ষিণমুখী শংখ সাগৰৰ পৰা উদ্ভৱ হৈছে। জনশ্ৰুতি অনুসৰি, সমুদ্ৰ মন্থনৰ পৰা লাভ কৰা ১৪ টা ৰত্নৰ ভিতৰত এটা হৈছে দক্ষিণমুখী শংখ। এই দক্ষিণমুখী শংখটোক মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। দেৱালীত এই শংখটো ঘৰলৈ আনিলে অতি শুভ হয় আমাৰ সমাজত বিশ্বাস আছে। জনবিশ্বাস মতে শংখটো সিদ্ধ মন্ত্ৰেৰে স্থাপন কৰিলে কেতিয়াও ধনৰ অভাৱ নহয়।

 দক্ষিণমুখী শংখক কেনেকৈ উপাসনা কৰিব-

দীপাৱলীৰ নিশা মা লক্ষ্মীৰ উপাসনাৰ সময়ত দক্ষিণমুখী শংখত গংগা পানী ভৰ্তিকৈ ভৰাই উপাসনা পদত ৰাখক। তাৰ পিছত ১০৮ বাৰ 'ওম শ্ৰী লক্ষ্মী শোদাৰাই নমহ' উচ্চাৰণ কৰক। ইয়াৰ পিছত লক্ষ্মী দেৱীক পূজা কৰাৰ পিছত দক্ষিণমুখী শংখটো ৰঙা কাপোৰেৰে মেৰিয়াই এক পবিত্ৰ স্থানত ৰাখক য'ত কোনেও দেখা নাপায়। এনে কৰিলে আপোনাৰ ধন সম্পৰ্কীয় সকলো সমস্যা আঁতৰ হ'ব আৰু অপৰিসীম সম্পদ লাভ কৰিব।

দক্ষিণমুখী শংখক ঘৰত ৰাখিলে কি লাভ হয়-

ঘৰত দক্ষিণমুখী শংখ থাকিলে মা লক্ষ্মীৰ ইতিবাচক শক্তি বৃদ্ধি হয়। লগতে ঘৰৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰে।

দক্ষিণমুখী শংখ ঘৰত ৰাখিলে শত্ৰু বশ হয় আৰু কেতিয়াও ক্ষতি নকৰে।

দক্ষিণমুখী শংখই চুৰি, দুৰ্ঘটনা আদিতো সুৰক্ষা দিয়ে। লগতে, নেতিবাচক শক্তিক ঘৰত প্ৰৱেশ কৰাত বাধা দিয়ে। তদুপৰি ঘৰুৱা সমস্যা, গুৰুতৰ ৰোগ, অৰ্থনৈতিক সংকটৰ পৰাও পৰিত্ৰাণ পায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?