--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আম আদমি পাৰ্টিৰ নেতা আৰবিন্দ কেজৰিৱালৰ এক সাহসী আৰু উচ্চাভিলাষী প্ৰস্তাৱ আগবঢ়াইছে। সমগ্ৰ দেশৰ বাবে বিনামূলীয়া বিদ্যুৎ সোৱা প্ৰদানৰ প্ৰস্তাৱ ঘোষণা কৰিছে আপৰ নেতা গৰাকীয়ে। জনকল্যাণমূলক ব্যৱস্থাৰ বাবে জনাজাত কেজৰীৱালৰ এই উদ্যোগত চৰকাৰৰ প্ৰায় ১,৮০,০০০ কোটি টকা খৰচ হ'ব বুলি অনুমান কৰা হৈছে।

নতুন দিল্লীত এক সংবাদমেলত অংশলৈ কেজৰীৱালে সমগ্ৰ দেশৰ বাবে বিনামূলীয়া বিদ্যুৎ সেৱা পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰি কয় যে বিদ্যুৎ সেৱা লাভ কৰাটো এটা মৌলিক অধিকাৰ আৰু এই উদ্যোগে কোটি কোটি ভাৰতীয়ৰ জীৱনৰ গুণগত মান উন্নত কৰিব। দিল্লীৰ বিনামূলীয়া বিদ্যুতৰ সফল বিতৰণৰ উদ্ধৃতি দি কয় যে  এতিয়া এই সুবিধা সমগ্ৰ ৰাষ্ট্ৰলৈ বিস্তাৰ কৰাৰ সময় আহি পৰিছে।

আপৰ নেতা গৰাকীয়ে প্ৰস্তাৱৰ আৰ্থিক ভাৰ অৰ্থাৎ প্ৰয়োজনীয় পুঁজিৰ কথা স্বীকাৰ কৰি কয় যে ই দেশৰ ভৱিষ্যতৰ বাবে এক প্ৰয়োজনীয় বিনিয়োগ। ১,৮০,০০০ কোটি টকাৰ ব্যয় অধিক  কিন্তু লাভবোৰ ব্যয়তকৈ বহু গুণ বেছি বুলি উল্লেখ কৰে৷

অৰবিন্দ কেজৰিৱালে প্ৰস্তাৱিত আঁচনিৰ জৰিয়তে বিশেষকৈ নিম্ন-আয়ৰ পৰিয়ালসমূহৰ আৰ্থিক চাপ হ্ৰাস কৰাৰ প্ৰতি লক্ষ্য ৰাখি উত্থাপন কৰা হৈছে। তেওঁ কয় যে বিনামূলীয়া বিদ্যুত প্ৰদান জৰিয়তে দৈনন্দিন জীৱনৰ খৰচ হ্ৰাস তথা অৰ্থনৈতিক স্থিতিশীলতা প্ৰদান কৰা আৰু সামগ্ৰিক কল্যাণ আশা কৰা হৈছে। 

কেজৰিৱালৰ প্ৰস্তাৱটোৱে যিদৰে সমৰ্থন লাভ কৰিছে সেইদৰে সমালোচনাৰো সন্মুখীন হৈছে। প্ৰতিপক্ষই প্ৰকল্পটো বৃহৎ পৰিসৰৰ হোৱা বাবে বিত্তীয় ঘাটিৰ সম্নুখীন হ’বলগীয়া হ’ব বুলি মত প্ৰকাশ কৰে। কিছুমান বিশেষজ্ঞই এনেধৰণৰ বৃহৎ উদ্যোগৰ স্থায়িত্ব আৰু বিদ্যুৎ খণ্ডৰ ওপৰত সম্ভাব্য প্ৰভাৱৰ বিষয়ে চিন্তা ব্যক্ত কৰিছে। 

দেশজুৰি বিনামূলীয়া বিদ্যুৎ সেৱা প্ৰদানৰ প্ৰস্তাৱ অৰবিন্দ কেজৰিৱালৰ জনকল্যাণৰ ওপৰত কেন্দ্ৰিত তেওঁৰ ৰাজনৈতিক কাৰ্যসূচীৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?