--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

লছ এঞ্জেলছ : প্ৰদান কৰা হ’ল বিশ্বৰ সংগীত জগতৰ সৰ্বোচ্চ সন্মান 'গ্ৰেমী এৱাৰ্ডছ’। আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত এক অনুষ্ঠানত চিৰ আকাংক্ষিত এই স্বীকৃতি প্ৰদান কৰা হ’ল সংগীত বিশ্বৰ কেইগৰাকীমান মহাতাৰকাক৷ ‘৬৩সংখ্যক গ্ৰেমী বঁটা’ প্ৰদান অনুষ্ঠানত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হ’ল বিশ্ব বিখ্যাত সংগীতশিল্পী বিয়’ঞ্চেই।

আৰু পঢ়িব পাৰিব : কোকৰাঝাৰত জব্দ বৃহৎ পৰিমাণৰ গাঁজাঃ আটক ৩ সৰবৰাহকাৰী

সৰ্বাধিকসংখ্যক গ্ৰেমী লাভ কৰা মহিলা শিল্পীত পৰিণত হ’ল তাৰকাগৰাকী। বিয়’ঞ্চেই লাভ কৰিলে ২৮সংখ্যক গ্ৰেমী বঁটা। Alison Kraussৰ ৰেকৰ্ড ভংগ কৰি এই কৃতিত্বৰ অধিকাৰী হয় বিয়ঞ্চে। শিল্পীগৰাকীয়ে ‘ব্লেক পেৰেড’ৰ বাবে শ্ৰেষ্ঠ আৰ এণ্ড বি পাৰ্ফমেঞ্চৰ সুবাদতে লাভ কৰে এই স্বীকৃতি। তাৰ বাহিৰে আটাইতকৈ গুৰুত্বপূৰ্ণ আন তিনিটা স্বীকৃতি আগবঢ়োৱা হ’ল বিলী এলিছ, টাইলৰ ছুইফ্ট আৰু এইচ ই আৰ। এলিছে এভ্ৰিথিং আই ৱাণ্টেডৰ বাবে ছুইফ্টে লোকসংগীতৰ শ্ৰেষ্ঠ এলবামৰ বাবে আৰু এইচ ই আৰে বছৰটোৰ শ্ৰেষ্ঠ গীত ‘আই কাণ্ট ব্ৰিড’ৰ বাবে স্বীকৃতি লাভ কৰে।

এইবাৰৰ বঁটা প্ৰদান অনুষ্ঠানত মেগান থ্ৰী ষ্টালিয়নে তিনিটাকৈ গ্ৰেমী লাভ কৰি আটাইতকৈ বৃহৎ সফলতাৰ অধিকাৰী হয়। শ্ৰেষ্ঠ নৱাগত শিল্পী, শ্ৰেষ্ঠ ৰেপ সংগীত আৰু Savageৰ বাবে শ্ৰেষ্ঠ ৰেপ প্ৰদৰ্শনৰ স্বীকৃতি লাভ কৰে মেগান থ্ৰী ষ্টালিয়নে। ৭৩বছৰ বয়সত যোৱা বছৰ মৃত্যু হোৱা শিল্পী জন প্ৰাইনে শ্ৰেষ্ঠ ৰুটছ পাৰ্ফমেন্স আৰু বেষ্ট ৰুটছ ছংৰ বাবে স্বীকৃতি লাভ কৰে।

আৰু পঢ়িব পাৰিব : সাৱধান ! তিনিমাহৰ পাছত সৰ্বাধিক লোক ক’ভিড-১৯ আক্ৰান্ত…

একেদৰে চিত কোৰেয়াইও শ্ৰেষ্ঠ ‘ইমপ্ৰুভাইজড জেজ ছ’ল”ৰ বাবে মৰণোত্তৰভাৱে স্বীকৃতি লাভ কৰে। সংগীতৰ অস্কাৰখ্যাত ৬৩ সংখ্যক গ্ৰেমী বঁটাৰ ৰঙীন নিশাত প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াৰ বিখ্যাত ব্ৰেণ্ড বিটিএছে সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে, বিয়’ঞ্চেৰ ৯ বছৰীয়া কন্যা ব্লু আইভী কাৰ্টাৰেও মাতৃৰ পদাংক অনুসৰণ কৰি জীৱনৰ প্ৰথম গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ মিউজিক ভিডিঅ’ ‘ব্ৰাউন স্কীন গাৰ্ল’ৰ বাবে স্বীকৃতি লাভ কৰে বিয়ঞ্চেৰ কন্যাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?