--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে যোৱা বহু দিন ধৰি শিৰোনাম দখল কৰি আহিছে।  অভিষেক-ঐশ্বৰ্যৰ মাজত বিবাহ বিচ্ছেদৰ খবৰ। অৱশ্যে এই সন্দৰ্ভত ঐশ্বৰ্য আৰু বচ্চন পৰিয়াল দুয়োটাই মৌনতা অৱলম্বন কৰিছে। বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ঐশ্বৰ্যই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত ঐশ্বৰ্যই নিজৰ পক্ষত থিয় হোৱাৰ কথা কোৱা দেখা গৈছে। 

ঐশ্বৰ্যই শ্বেয়াৰ কৰা ভিডিঅ’টোত মহিলাৰ ওপৰত হোৱা হিংসা আৰু হাৰাশাস্তিৰ কথা কৈছে ৷ৰাজপথত হোৱা হাৰাশাস্তিৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু মানুহক ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰেৰণা দিবলৈ তেওঁ কয়।

ভিডিঅ’টোত ঐশ্বৰ্যই কৈছে- ‘ৰাস্তাৰ হাৰাশাস্তিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব? চকুত চকু থবলৈ সংস্পৰ্শ এৰক? নহয়। সমস্যাটোৰ সন্মুখীন হওক। মূৰ ওপৰ কৰি জীয়াই থাকক। নাৰীসুলভ আৰু নাৰীবাদী। মোৰ শৰীৰ, মোৰ মূল্য। আপোনাৰ সন্মানৰ সৈতে কেতিয়াও আপোচ নকৰিব। নিজকে সন্দেহ নকৰিব। নিজৰ পক্ষত থিয় হওক। আপোনাৰ পোছাক বা আপোনাৰ লিপষ্টিকক দোষ নিদিব। ৰাজপথত হাৰাশাস্তি কৰাটো কেতিয়াও আপোনাৰ দোষ নহয়।’

শেহতীয়াকৈ ঐশ্বৰ্যই কন্যা আৰাধ্যাৰ জন্মদিনৰ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰিছিল। য'ত অভিষেক তেওঁৰ লগত নাছিল। কোনো এখন ফটোতে বচ্চন পৰিয়ালৰ কোনো লোক উপস্থিত নাছিল পাৰ্টিত। ইয়াৰ পিছত অধিক সংখ্যক বিবাহ বিচ্ছেদৰ খবৰ আহি আছে। সকলোৰে মনোযোগ এই কথাটোলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?