--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

পেৰিছঃ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে নতুন নিয়ম আৰম্ভণি কৰিছে ফ্ৰান্সে। পেৰিছত ক্ৰমাৎ বৃদ্ধি পাইছে সন্তানহীন দম্পতীৰ সংখ্যা। ইতিমধ্যে বিশ্বত জনসংখ্যাৰ সীমা ৭.৮ মিলিয়ন অতিক্ৰম কৰাৰ দিশে। সেয়েহে জনসংখ্যা হ্ৰাসৰ প্ৰতি দৃষ্টি ৰাখি গৰ্ভধাৰণ নিয়ন্ত্ৰণৰ মানসিকতাক অধিক প্ৰাধান্য দিছে ফ্ৰান্সৰ বাসিন্দাসকলে। আনকি সন্তান ধাৰণৰ অনিচ্ছাও বৃদ্ধি পাইছে পেৰিছৰ একাংশ মহিলাৰ মাজত। পেৰিছৰ এগৰাকী বাসিন্দাৰ মতে, ‘সন্তান ধাৰণ কৰাটো আমাৰ বাবে জীৱনযাত্ৰাৰ পৰিপন্থী। মই সন্তান নিবিচাৰো। বয়স বৃদ্ধিৰ লগে লগে এই ধাৰণা ক্ৰমাত দৃঢ় হৈছে। সকলোতকৈ ডাঙৰ কথা, আৰু এটা প্ৰাণীৰ পৃথিৱীলৈ আগমন ঘটা মানে অৰ্থনীতিত প্ৰভাৱ পৰা।’ সম্প্ৰতি পেৰিছৰ অধিকাংশ যুৱতীৰ একেই মনোভাৱে ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ মতে পৃথিৱীক ধৰি ৰাখিবলৈ হ’লে জনসংখ্যা হ্ৰাসৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো উচিত। সেইবাবে পেৰিছৰ যুৱতীসকলে নিজকে ‘চাইল্ড ফ্ৰী’ অৰ্থাৎ সন্তানহীন হিচাপে ঘোষণা কৰিছে।


প্ৰখ্যাত ইউটিউবাৰ এনা ব’গেন’ই কয়, ‘এই পৃথিৱীত কোনো সন্তানক জন্ম দিয়াৰ অভিপ্ৰায় মোৰ নাই। সন্তান ওপজা মানে শিশুটিৰ প্ৰতি মোৰ দ্বায়িত্ব থাকিব। সমগ্ৰ বিশ্বই ভাৰসাম্য হেৰুৱালে মোৰ সন্তানকো বিপদৰ মুখলৈ ঠেলি দিয়াহে হ’ব। এটি শিশুক সুস্থ আৰু নিৰাপদ জীৱন উপহাৰ দিব নোৱাৰিলে জন্ম দিয়াৰ কোনো অৰ্থ নাই।’
ডেম’গ্ৰাফিক ৰেছপনছিবল সংগঠনৰ সভাপতি ডেনিছ গাৰ্নিয়াৰৰ মতে নতুন প্ৰজন্মৰ দম্পতীসকল অধিক সচেতন। বিগত ১০বছৰত পেৰিছত সন্তানহীন প্ৰক্ৰিয়া অধিক জনপ্ৰিয় হৈ উঠিছে। গোলকীয়কৰণক লৈ চলি থকা গৱেষণা প্ৰসংগতো সজাগ আৰু সচেতন হৈছে মানৱকুল। সংগঠনৰ প্ৰকাশিত তথ্য অনুসৰি আগন্তুক ২০২২-২৩ চনৰ ভিতৰত দেশৰ জনসংখ্যা ৮০০ কোটিলৈ শিপাব বুলি আশংকা কৰা হৈছে।

ইয়াৰোপৰি ডেনিছ গাৰ্নিয়াৰে কয়, পৃথিৱীত জনসংখ্যা বৃদ্ধি পালে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণে বৃদ্ধি পাব, জলবায়ুৰো সঘন পৰিৱৰ্তন হ’ব। গতিকে, ফ্ৰান্সত ১টা শিশু কমকৈ জন্ম পোৱা মানে ৪০ টন কাৰ্বন-ডাই-অক্সাইড কমকৈ উৎপন্ন হোৱা। বৈদ্যুতিক বাহনৰ ব্যৱহাৰে মাত্ৰ ২টন কাৰ্বন-ডাই-অক্সাইডহে কমকৈ উৎপন্ন কৰে।’
ফ্ৰান্সৰ শেহতীয়া জনসংখ্যা নীতি অনাগত সময়ত কিমান সুদুৰপ্ৰসাৰী হয়, সেয়াহে লক্ষ্যণীয় হ’ব। ফ্ৰান্সৰ লগতে জমসংখ্যা নিয়ন্ত্ৰণৰ প্ৰসংগত অধিক সজাক হোৱা পৰিলক্ষিত হৈছে ভাৰতবৰ্ষ। সম্প্ৰতি ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশকে আদি কৰি অসম ৰাজ্যতো চৰকাৰে নতুন নীতি বলবৎ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?