--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শংকুৰাজ কোঁৱৰ অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক তথা এজন কণ্ঠশিল্পী৷ অসমীয়া সংগীত জগতক আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ জনাজাত। তেওঁৰ দ্বিতীয়টি বিহুগীত ‘জয়মলা ২.০’ৰ পাছতেই আজি মুকলি হ’ল ‘আন্‌মনা’ শীৰ্ষক এটি নতুন গীত ৷

‘‘প্ৰাপ্তিৰো থাকে সমাপ্তি, 
সকলো সুকলমে চলি যায়
কিছুমান সৰু সৰু ভূলেই হৈ যায় বিচ্ছেদৰ কাৰণ
হৈ পৰে সকলো স্মৃতি…’’

কেতিয়াবা আৱেগবোৰ তীব্ৰতৰ হৈ পৰে, সুৰকাৰে নিজৰ হৃদয়খন ঢালি দিয়ে, গীতিকাৰে অনুভৱ কৰে তেওঁৰ এৰি থৈ যোৱা অসহ্যকৰ শূন্যতা৷ প্ৰতিটো টোকাই কঢ়িয়াই লৈ ফুৰে নিসংগতাৰ ওজন ৷ প্ৰতিটো গীতৰ কথাই তেওঁৰ আকাংক্ষাৰ প্ৰতিধ্বনি দিয়ে। ‘আনমনা’ও সেই একে ধৰণৰ বিৱৰণ, য’ত আছে প্ৰেমৰ আৱৰণ ৷


TRP Production আৰু RM Entertainments ৰ বেনাৰত নিৰ্মিত গীতটিৰ কথা পংকজ শইকীয়াৰ,সংগীত ব্যৱস্থাপনা কৰিছে হোমেন বৰা শ্যামল ভূঞা আৰু প্ৰদ্যুত বৰুৱাই, গীটাৰ সংগত কৰিছে হোমেন বৰাই লগতে বাঁহী বজাইছে প্ৰীতম বৰপাত্ৰ গোঁহাই আৰু ভাস্কৰ কলিতাই ৷ আৱহ কণ্ঠ স্তুতি শৰ্মাৰ আৰু গীতটোৰ শব্দ সংমিশ্ৰণ কৰিছে ৰীত্বিক ৰাজ পাঠকে। 

গীতটিৰ পৰিচালনা সোণমণি গোৱালাৰ ৷অভিনয় কৰিছে নীল তামূলী আৰু কাজল বৰাই ৷গীতটিৰ প্ৰযোজনা ইন্দুকল্প ভৰালীৰ ৷গ্ৰাফিক্স অনুভৱ দত্তৰ আৰু ভিএফএক্স কৰিছে দিপাংকৰ কাশ্যপে ৷ বৈদুৰ্য্য সেনাপতি আৰু জীতুল বৰুৱাই কৰিছে গীতটিৰ দৃশ্যগ্ৰহণ ৷




সম্পূৰ্ণ গীতটোৰ লিংক আপুনি তলত লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?