--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সঁচা যে মাত্ৰ এবিধ দৰব ব্যৱহাৰ কৰিয়েই বহু ৰোগীয়ে কৰ্কটৰ দৰে মাৰক ৰোগৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছে। এই ঘটনাই এতিয়া আশান্বিত কৰি তুলিছে বিশ্বৰ স্বাস্থ্য বিজ্ঞানী তথা চিকিৎসকসকলক। ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে কৰ্কট ৰোগে এতিয়া আতংকৰ সৃষ্টি কৰিছে। ৰোগ বিধ এতিয়া দুৰাৰোগ্য হৈ থকা নাই যদিও বহু সময়ত ৰোগ বিধ প্ৰাণঘাতক হিচাবে পৰিগণিত হৈ আহিছে। এনে সময়তে মাত্ৰ এবিধ দৰব কেইদিনমানৰ বাবে ব্যৱহাৰ কৰিয়েই শৰীৰক কৰ্কটমুক্ত কৰিব পৰাৰ ঘটনাই এতিয়া নতুন আশাৰ ৰেঙণি দেখুৱাইছে।

মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ'ব পাৰিছে।

 দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত  ১৮ ৰোগীক বাছি লোৱা হৈছিল। ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে  তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা  টিউমাৰ নাইকিয়া হৈ পৰিছে।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।

এণ্ডোস্কোপী; পজিট্ৰন এমিছন টমোগ্ৰাফী , পিইটি স্কেন , এমআৰআই স্কেন আদি কৰাৰ পিছত ৰোগী কেইগৰাকীৰ দেহত কৰ্কট সৃষ্টিকাৰী টিউমাৰ নোহোৱা হৈ পৰাৰ কথা প্ৰমাণ হৈছে।

 নিউয়ৰ্কৰ মেম'ৰিয়েল স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ বিশেষজ্ঞ  ডাঃ লুইছ এ. ডিয়াজ জেয়ে এই প্ৰসংগত  কয়—   "কৰ্কট ৰোগৰ চিকিৎসাৰ ইতিহাসত এনেধৰণৰ সাফল্যৰ ঘটনা  এয়াই প্ৰথম "। এই ঔষধ ব্যৱহাৰৰ পূৰ্বে ৰোগীসকলে তেওঁলোকৰ কৰ্কট ৰোগৰ কোষ ধ্বংস কৰিবলৈ  কেমোথেৰাপী, অস্ত্ৰোপচাৰ আদিও কৰিছিল। কিন্তু বিশেষ সুফল পোৱা নাছিল।কিন্তু ডষ্টাৰলিমাব নামৰ ঔষধবিধ পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোকে যাদুকৰী ফল লাভ কৰিবলৈ সক্ষম হয়। এই ঔষধ বিধে শৰীৰৰ আন অংশত হোৱা কৰ্কট ৰোগ নিৰাময় কৰিব পাৰিবনে নাই সেই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কলোৰেক্টল কৰ্কট বিশেষজ্ঞ ডাঃ এলান পি ভেনুকে ।

মলদ্বাৰৰ কোষবোৰ পৰিৱৰ্তন হ'লে আৰু নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ'লে   মলদ্বাৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে। মলদ্বাৰৰ ভিতৰত টেমুনাৰ সৃষ্টি হয়,যাক পলিপ বুলি কোৱা হয়। এই টেমুনা  বৃদ্ধি পাবলৈ ধৰে আৰু এটা সময়ত ই  কৰ্কট ৰোগত পৰিণত হয় ।

বয়স বঢ়াৰ লগে লগে মলদ্বাৰৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়।  পুৰুষৰ তুলনাত মহিলাৰ মলদ্বাৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি থাকে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?