--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৩ অক্টোবৰত কলগাছিয়াত অনুষ্ঠিত হৈ যায় ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ দশম কলগাছিয়া লোকেল সন্মিলন৷ ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ৷ 

মুকলি সভাখনত ভাষণ প্ৰদান কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে শৃংখল চলিহাই উজনিত মিঞা থাকিব নোৱাৰে সকলো যাব লাগিব বুলি হুংকা দি মিঞাক খেদি দিলে তেতিয়া ইটা ভাটাৰ মালিক সকল এক লগ হৈ শৃংখল চলিহাক মাতি নিলে আৰু তেওঁলোকৰ পৰা শৃংখল চলিহাই দহ লাখ টকা লৈ কলে, যে আমি আৰু মিঞাক বাধা নিদিওঁ। এই ধৰণৰ জঘন্য ৰাজনীতি চলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহসত চলিছে এই ধৰণৰ ৰাজনীতি। 

বিধায়ক গৰাকীয়ে, মাৰোৱাৰীৰ ওপৰত আক্ৰমণ চলিলে। এই মাৰোৱাৰী সমাজে মুখ্যমন্ত্ৰীক ৬০ লাখ টকা দিলে; এই ষাঠি লাখ টকা লৈ মাৰোৱাৰীক ক’লে সেৱা ক'ৰ। সেৱা কৰোৱাই সেইটো চেপ্টাৰ ক্ল’জ বুলি বিস্ফোৰক মন্তব্য দাঙি ধৰে৷ আৰু বিজেপিয়ে মুকলি ভাবে দুৰ্নীতি কৰে, কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া ৫৫ কোটি টকাৰ গম অসমলৈ আহে কিন্তু এই গম সমূহ কতো বিতৰণ নকৰি মিল বিলাকত দি আটা বনায় আৰু আমাৰ খাদ্য মন্ত্ৰীয়ে প্ৰতি মাহে ৯০ লক্ষ কৰি টকা এই গমৰ পৰা পায় বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কয়  মুখ্যমন্ত্ৰীয়ে থ্ৰি পাৰ্চেন্ট ঠিকাৰ পৰা পইচা লয়; লুণ্ঠনৰ টকাৰে নেতৃত্ব বহন কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ দৰে দুৰ্নীতিগ্ৰস্থ দ'ল মই দেখা নাই। বিজেপিয়ে মুকলি ভাৱে দুৰ্নীতি কৰে।

শৃংখল চলিহাই যে এই ধৰণৰ আন্দোলন কৰিছে কোনে পইচা দিছে? বিজেপি দলে দিছে। মুখ্যমন্ত্ৰী প্ৰত্যক্ষ ভাৱে জড়িত, পইচা দি মিঞাৰ বিৰুদ্ধে আন্দোলনত নমাই দিছে অভিযোগ উত্থাপন কৰিছে৷ 

বিধায়ক গৰাকীয়ে ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই পদত্যাগ দিম বুলি কৈছে কিন্তু পদত্যাগ পত্ৰ দিয়া নাই। সংঘাত এটা হৈছে, এইটো কংগ্ৰেছৰ ঝামেলা। বিহালী সমষ্টি টো এৰি দিব লাগে আৰু বাকী সমষ্টি সমূহত কংগ্ৰেছে খেলিব লাগে বুলি মত প্ৰকাশ কৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?