--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শশী থাৰুৰৰ মুখত জনপ্ৰিয় হিন্দী গীত। 'এক অজনবী হাছিনা ছে ইউ মুলাকাত হো গায়ী…' গাই সমালোচিত কংগ্ৰেছ সাংসদগৰাকী। সমালোচনাত মুখৰ জাভেদ আখতাৰ। সমাজৰ স্পৰ্শকাতৰ বিষয়সমূহক কেন্দ্ৰ কৰি কৰা মন্তব্যৰ বাবে সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰি আহিছে কংগ্ৰেছ সাংসদগৰাকীয়ে। অনুৰাগীসকলেও তেওঁৰ আচৰণৰ সৈতে পৰিচিত। তেওঁলোকৰ বাবে, শশী থাৰুৰৰ কথাবোৰ যেন বেদ বাক্যৰ সমান।

ৰাজনৈতিক ক্ষেত্ৰৰ জনপ্ৰিয় ব্যক্তিগৰাকীয়ে ৰাজহুৱা স্থানত হিন্দী গান গুণ-গুণোৱা বাবে সামাজিক মাধ্যমত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। শশী থাৰুৰৰ অনুৰাগীয়ে প্ৰশংসাৰ বন্যাৰে সাংসদ গৰাকীক ওপচাই পেলোৱাৰ বিপৰীতে সৰব হৈ পৰিছে বলীউডৰ জনপ্ৰিয় গীতিকাৰ জাভেদ আখতাৰ। ১৯৭৪ চনত ৰাজেশ খান্না অভিনীত 'অজনবী' ছবিখনৰ ছুপাৰহিট গীতটো হঠাতে শশী থাৰুৰৰ কন্ঠত শুনি সাংসদগৰাকীক সমালোচনা কৰিছে জনপ্ৰিয় গীতিকাৰ জাভেদ আখতাৰে।


জাভেদ আখতাৰে শশী থাৰুৰৰ কন্ঠত বহুল সমাদৃত হিন্দী গীতটো শুনি মন্তব্য কৰিছিল যে, ‘ৱাহ! এনেকুৱা এটা গান সম্ভৱতঃ হিন্দীতো আছে…।’ জাভেদ আখতাৰে প্ৰকৃততে কংগ্ৰেছ সাংসদজনক তেওঁৰ হিন্দী উচ্চাৰণৰ বাবে সমালোচনা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। শশী থাৰুৰে যদিও গীতিকাৰগৰাকীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়া নাই তথাপি পোষ্টটো দেখাৰ পাছত একাংশৰ মাজত হাঁহিৰ ৰোল উঠা দেখা গৈছে। উল্লেখ্য যে, শশীয়ে প্ৰকৃততে শ্ৰীনগৰৰ দূৰদৰ্শন চেনেলৰ এটা অনুষ্ঠানত গীতটো গাইছিল। ভিডিঅ'টো সাংসদজনে নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। আৰু এই প্ৰসংগক কেন্দ্ৰ কৰি জাভেদ আখতাৰে থাৰুৰৰ হিন্দী উচ্চাৰণক লৈ সমালোচনাত সৰব হৈ পৰা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?