ডিজিটেল ডেস্ক : স্বাস্থ্যৰ বাবে
মদ অত্যন্ত ক্ষতিকাৰক। সুৰাপানৰ ফলত সমগ্ৰ শৰীৰক প্ৰভাৱিত হয়। অত্যধিক মদ্যপান কৰিলে
শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা বাঢ়ি যায়। সুৰাৰ এই সকলো সমস্যাবোৰৰ বিষয়ে জানিও ইয়াৰ
আসক্তি ত্যাগ কৰাটো সম্ভৱ নহয়। কিন্তু কিছুমান ঘৰুৱা উপায়েৰে মদ্যপানৰ আসক্তি ত্যাগ
কৰাত যথেষ্ট সহায় কৰিব পাৰে। সুৰাৰ পৰা হ’ব পৰা সমস্যা আৰু সুৰাৰ আসক্তিৰ পৰা নিজকে
কেনেকৈ ৰক্ষা কৰিব পাৰি জানো আহক।
১. সুৰাৰ পাৰ্শ্বক্ৰিয়া-
* মানসিক ৰোগৰ সম্ভাৱনা বৃদ্ধি
কৰে
* মদ্যপানে স্নায়ুতন্ত্ৰত প্ৰভাৱ
পেলায়
* সুৰাপান কৰিলে যকৃতৰ ক্ষতি হয়
* সুৰাপান কৰিলে ডিহাইড্ৰেচন আৰু
পেটৰ ৰোগ হয়
* অত্যধিক মদ্যপান কৰিলে হৃদৰোগ
হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়
* মদ্যপানৰ আসক্তিয়েও কৰ্কট ৰোগৰ
আশংকা বৃদ্ধি কৰে
* মদ্যপান কৰিলে লিভাৰ চিৰ’ছিছ
হ’ব পাৰে
২. মদৰ আসক্তিৰ পৰা কেনেকৈ মুক্তি পাব পাৰি?
* কিচমিচঃ-কিচমিচ ব্যৱহাৰ কৰি সুৰাৰ
আসক্তিৰ পৰা মুক্তি পাব পাৰে। যদি মদ খাবলৈ মন যায়, তেন্তে সেই সময়ত কিচমিচ খাব লাগে।
৪-৫টা কিচমিচ খালে সুৰাপান কৰাৰ ইচ্ছা কমি যাব আৰু আপুনিও নিচাৰ পৰা মুক্তি পাব পাৰে।
* খেজুৰঃ-খেজুৰ ব্যৱহাৰ কৰি সুৰাপানৰ
আসক্তিৰ পৰা মুক্তি পাব পাৰে। মদৰ আসক্তি ত্যাগ কৰিবলৈ খেজুৰৰ পানী খোৱাটো বাঞ্ছনীয়।
ইয়াৰ বাবে খেজুৰবোৰ কুটি পানীত তিয়াই থৈ দিব লাগে। এই পানী দিনে ২-৩বাৰ খালেও আপুনি
সুৰা সেৱনৰ পৰা নিজকে মুক্ত কৰিব পাৰে।
* বিলাহীৰ ৰসঃ-মদ ত্যাগ কৰিবলৈ
বিলাহীৰ ৰস খোৱা উচিত। ই সুৰাৰ আসক্তি ত্যাগ কৰাত সহায় কৰে। আপেলৰ ৰসো খাব পাৰে। দিনে
২-৩বাৰ আপেলৰ ৰস খালে সুৰাৰ আসক্তি ত্যাগ কৰাত সহায়ক হয়।
* তুলসী পাতঃ- তুলসী হৈছে আয়ুৰ্বেদিক
ঔষধ। সুৰাৰ আসক্তি ত্যাগ কৰিবলৈ তুলসী পাত ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত সুৰাপানৰ প্ৰবল
ইচ্ছা কমি যায়। তুলসীত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট উপাদান পোৱা যায়।
যাৰ ফলত শৰীৰৰ ডিটক্সো হয়।