--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মহাৰাষ্ট্ৰ : কালৰো কাল বিপৰীত কাল সুৰাপায়ীয়ে চেলেকে ছেনিটাইজাৰ।প্ৰথমবাৰৰ নিচিনা কৰনাৰ দ্বিতীয় ঢৌতো সৰ্বাধিক সংক্ৰমণৰ হাৰ মহাৰাষ্ট্ৰত। ক’ভিড সংক্ৰমণ ৰোধৰ বাবে মহাৰাষ্ট্ৰত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে। লকডাউনৰ বাবে বন্ধ হৈ পৰিছে সুৰাৰ দোকান। কিন্তু, একাংশ সুৰাপায়ীয়ে সুৰাৰ নাপাই ছেনিটাইজাৰ পান কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। নিজৰ প্ৰাণকো বিপদাপন্ন কৰি ছজনকৈ লোকে মৃত্যুক আকোঁৱালি লোৱা এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ইয়াভাতমল জিলাৰ ৱানি তেহছিল।

আৰু পঢ়িব পাৰিব : ৫৪ বছৰীয়াৰ কামনাৰ বলি নাবালিকা, গ্ৰেপ্তাৰ অভিযুক্ত


সুৰা বিচাৰি নোপোৱাত কেইজনমান বাসিন্দাই ছেনিটাইজাৰ পান কৰিছিল।গুৰুতৰভাৱে অসুস্থ হৈ পৰা লোককেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাৰ কিছুসময়ৰ পাছতেই তেওঁলোক মৃত্যুমুখত পৰে। ইয়াভাতমলৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা দিলীপ ভুজবলে এই ঘটনা সন্দৰ্ভত জনায় যে, ৱানিৰ কেইজনমান শ্ৰমিকে সুৰাৰ পৰিৱৰ্তে ছেনিটাইজৰ পান কৰিছিল।

আৰু পঢ়িব পাৰিব : ‘যাদু’ৰ যাদুকৰী : কথমপি ৰক্ষা পৰিল ক্ৰিছ গেইল!

তিনিজনৰ স্বাস্থ্যৰ অৱনতিৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও কিছুসময়ৰ পাছতেই তিনিওজনৰ মৃত্যু হয় আৰু বাকী ৩জনৰ নিজ বাসগৃহতে মৃত্যুঘটে। স্থানীয় প্ৰশাসনে ৱানিত মৃত্যু হোৱা শ্ৰমিককেইজনৰ নাম প্ৰকাশ কৰিছে। শ্ৰমিককেইজন হৈছে ক্ৰমে, সুনীল ধেংলে(৩২), দত্ত লঞ্জেওয়াৰ (৫৭), ভৰত ৰুইকৰ(৩৮),গণেশ চেলাৰ(৪৫),সন্তোষ মেহেৰ(৩৫) আৰু ৰাহুল পাৰ্থতকৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?