ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্মিত বিদেশী সুৰা, বিয়েৰ, ৱাইন, ব্ৰেণ্ডী, ৰাম, আদি বিভিন্ন পানীয়ৰ ওপৰত এড-ভেলোৰেম আবকাৰী শুল্ক সংশোধন কৰি ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সুৰাৰ দাম হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে অসম আবকাৰী বিভাগে ৷
অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব বিলাতী সুৰাৰ দাম ৷ সুৰাপায়ীৰ মনত আনন্দৰ জোৱাৰ তুলি আবকাৰী বিভাগে এই ঘোষণা কৰিছে ৷
৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে ২২ টকাকৈ ৷
৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে ৩৪ টকাকৈ ৷
জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ৰামত ১১৭ টকাকৈ হ্ৰাস কৰা হৈছে ৷
ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জীন আদিৰ দাম ১৪৪ টকাকৈ হ্ৰাস কৰা হৈছে ৷
লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীনৰ দাম ১৬৬ টকাকৈ হ্ৰাস কৰা হৈছে ৷
লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ৰামৰ দাম ১৬৬ টকাকৈ হ্ৰাস ৷
এলিগেন্ট ব্ৰেণ্ডৰ ৫০০ টকাৰ পৰা 700 টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ব্ৰেণ্ডী, জীন, হুইস্কীৰ দাম ২১৪ টকাকৈ হ্ৰাস কৰা হৈছে ৷
চলিত বৰ্ষৰ এপ্ৰিল মাহত ক্ৰমাণ্বয়ে বৃদ্ধি পোৱা সুৰাৰ বাবে সুৰাপায়ীসকল চিন্তিত হৈছিল কিন্তু এই ঘোষণাক লৈ এতিয়া তেওঁলোকে সকাহ পাইছে ৷